অসম

assam

আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী

ETV Bharat / videos

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী - Ali Aye Ligang Controversy

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 4:24 PM IST

ধেমাজি,১৮ নৱেম্বৰ:অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ প্ৰধান উৎসৱ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা নকৰাক লৈ ৰাজ্যজুৰি মিচিং জাতীয় দল-সংগঠন আৰু সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আলি-আয়ে-লৃগাঙত দহখন জিলাহে বন্ধ থাকিব ৷  

খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰম্পৰাগত উৎসৱক লৈ এনেদৰে চৰকাৰে হঠকাৰী সিদ্ধান্ত লোৱা কাৰ্যত পুনৰ তুমুল প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ আৰম্ভ হৈছে ৷ এইক্ষেত্ৰত ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মিচিং জনগোষ্ঠীৰ সচেতন নাগৰিক ডিম্বেশ্বৰ দলেই ৷ জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদত শাসনত অধিষ্ঠিত হৈ বৰ্তমান শিক্ষামন্ত্ৰী হোৱা ডাঃ ৰণোজ পেগু থকা সময়তে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে ধেমাজিৰ সচেতন নাগৰিকগৰাকীয়ে ৷ 

লগতে পঢ়ক:ধেমাজিত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত

For All Latest Updates

ABOUT THE AUTHOR

...view details