অসম

assam

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়

By

Published : Jul 31, 2023, 3:42 PM IST

ETV Bharat / videos

Public protest in Nalbari:শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ক পূৰ্বৰ মৰ্যদা প্ৰদানৰ দাবীত ধৰ্ণা

নলবাৰী, ৩১ জুলাই:নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক কেন্দ্ৰ কৰি চহৰখনত অব্যাহত আছে প্ৰতিবাদ। ধাৰাবাহিক প্ৰতিবাদক যেন কোনো গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাকে ধৰি ৰাজ্য চৰকাৰে । সেয়েহে নলবাৰীবাসীয়ে স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত নিতৌ যমৰ যাতনা ভোগ কৰি আহিব লগীয়া হোৱাত সৰ্বস্তৰৰ ৰাইজে ওলাই আহি হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ দাবীৰে সমদল উলিয়াই ।

নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৫০খন বিচনাযুক্ত মডেল হাস্পতাল কৰিব বুলি মন্তব্য় কৰাৰ পিচত চিকিৎসালয়খনক পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ বাবে শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । আজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰী সকলে যুটীয়া স্বাস্থ্য সঞ্চালকক উক্ত চিকিৎসালয়ৰ ২৩৫ খন বিচনাৰে পূৰ্বৰ মৰ্যাদা ঘূৰাই দিবলৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ মাজতেই প্ৰতিবাদকাৰী সকলে স্বাস্থ্যকৰ্মীসকলক কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ।

লগতে পঢ়ক:Drama Workshop in Namrup: নামৰূপত নটসূৰ্যৰ মৃত্য়ু দিৱসত নাট কৰ্মশালা

For All Latest Updates

ABOUT THE AUTHOR

...view details