অসম

assam

খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভ

By

Published : Feb 11, 2023, 2:28 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Protest against Khowang College: খোৱাং মহাবিদ্যালয়ত শতাধিক মূল্যৱান গছ কাটি খান্দিছে পুখুৰী

মৰাণ ,১১ ফেব্ৰুৱাৰী:খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষই গ্ৰহণ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে ৰাইজ । মহাবিদ্যালয়খনৰ উন্নয়নৰ নামত অধ্যক্ষই কাটিলে শতাধিক মূল্যৱান গছ (Public protest against principal of Khowang College) । বন ধ্বংস কৰি খোৱাং মহাবিদ্যালয়ৰ ভূমিত অমৃত সৰোবৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত আছুৰ লগতে সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

"গছ থাকিলেহে মানুহ থাকিব"এইষাৰ শ্ল'গান এতিয়া অতীত হ'ল । মাছ থাকিলেহে মানুহ থাকিব বা সুবিধা থাকিব, এই নীতিহে যেন এতিয়া প্ৰযোজ্য হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত খোৱাং মহাবিদ্যালয়ত । শ শ গছ কাটি তহিলং কৰি মহাবিদ্যালয়ৰ উন্নয়নৰ কথা চিন্তা কৰিছে অধ্যক্ষ ড৹ ত্ৰৈলোক্য দিহিঙীয়াই (Amrit Sarovar at  Khowang College)। চৰকাৰৰ অমৃত সৰোবৰ আঁ‌চনিত অন্তৰ্ভুক্ত কৰি মহাবিদ্যালয়ৰ ভূমিত খন্দা হৈছে পুখুৰী । যাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

মহাবিদ্যালয়খনৰ অধ্যক্ষই উল্লেখ কৰা মতে, নাকৰ এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আহিব । এই দলটোক মহাবিদ্যালয়খনৰ উপাৰ্জনৰ পথ দেখুৱাবৰ বাবেই শতাধিক গছ কাটি খান্দিছে দুটাকৈ পুখুৰী । ইফালে, এই বন ধ্বংস কাৰ্যত সম্পূৰ্ণ হাত উজান দিছে বন বিভাগে । ৰাইজে এই সন্দৰ্ভত কয় যে ধ্বংস কৰা গছ সমূহৰ ঠাইত নতুন গছ ৰোপণ কৰক অধ্যক্ষই । অধ্যক্ষৰ এই কৰ্মক লৈ আছু কৰ্মীসকলো জাঙুৰ খাই উঠিছে । ডিব্ৰুগড় জিলা আছুৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰে কয়,"মহাবিদ্যালয় কৰ্তৃপক্ষই বন ধ্বংসযজ্ঞত লিপ্ত হোৱা ঘটনাটো দুৰ্ভাগ্যজনক । যি সময়ত সকলোৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গছ ৰোপণৰ চেষ্টা কৰিছে তেনে সময়ত মহাবিদ্যালয় এখনত বন ধ্বংসযজ্ঞ চলোৱা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে ।"  

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো চৰকাৰী অনুষ্ঠানত গছ ৰোপণৰ বাবে নিৰ্দেশ দিছিল (CM Dr Himanta Biswa Sarma)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কেইটামান দিন ৰাজ্যৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈকে অনুষ্ঠিত হৈছিল গছ ৰোপণ কাৰ্যসূচী । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খোদ গছ ৰোপণ কৰাৰ বাবে তৎপৰ হোৱা সময়ত এতিয়া এখন আগশাৰীৰ মহাবিদ্যালয় কৰ্তৃপক্ষই বন ধ্বংসযজ্ঞত লিপ্ত হোৱা বিষয়টোৱে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক:Sankardev Sangha Conference: পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত আৰম্ভ ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details