পশ্চিম কামৰূপ বন সংমণ্ডলত অবাধ বন ধ্বংসযজ্ঞ - Deforestation in Assam
Published : Dec 19, 2023, 2:03 PM IST
|Updated : Dec 19, 2023, 2:48 PM IST
গুৱাহাটী,১৯ ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱর্তী বনাঞ্চলসমূহত চলিছে অবাধ বন ধ্বংসযজ্ঞ । বিশেষকৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট ২ নং জুপাংবাৰী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে চোৰাং কাঠ বেপাৰীৰ দৌৰাত্ম্য । কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট সংৰক্ষিত বনাঞ্চলৰ ২ নং জুপাংবাৰী আৰু অসম মেঘালয় সীমান্তৱৰ্তী এলেকাৰ সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা ধ্বংস কৰা হৈছে আপুৰুগীয়া বনজ সম্পদ ।
পলাশবাৰী সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী এই বনাঞ্চলসমূহত যেন কোনো নিয়ন্ত্রণ নাই লোহাৰঘাট বনাঞ্চল কাৰ্যালয়ৰ । নিতৌ দিন-দুপৰতে গছ-গছনি কাটি তহিলং কৰিছে দুষ্কৃতিকাৰীয়ে । জুপাংবাৰীত বন বিভাগৰ এটা খণ্ড বন কাৰ্যালয় আছে যদিও বনকৰ্মীৰ বিৰুদ্ধে বন ধ্বংস কৰাত বনদস্যুক সহযোগিতাহে কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ সুযোগ লৈ অসমৰ বনজ সম্পদ চোৰাংভাৱে লৈ যায় প্ৰতিৱেশী ৰাজ্য মেঘালয়লৈ ।
কেৱল মেঘালয়েই নহয়, দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলতো যোগান ধৰা হয় চোৰাং গছৰ কুন্দা আৰু কাঠ । কিন্তু সকলো দেখিও নিৰ্বিকাৰ লোহাৰঘাট বনাঞ্চলৰ বিষয়া চেমিম আখটাৰ । বন বিষয়া চেমিম আখটাৰৰ বিৰুদ্ধেও বনদস্যুৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক:Illegal sale of trees on government land: বন বিষয়াৰ ছত্ৰছায়াত চলিছে নেকি বনধ্বংস যজ্ঞ ?