অসম

assam

নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়

ETV Bharat / videos

Deforestation in Namati: নামতিত গছ কাটি তহিলং কৰিলে প্ৰধান শিক্ষয়িত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 1:22 PM IST

আমগুৰি, ৮ ছেপ্টেম্বৰ:শিৱসাগৰ জিলাৰ নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত মূল্যৱান গছ কাটি তহিলং কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ১৭ জোপাকৈ মূল্যৱান গছ কাটি অকৰ্তৃত্বশীলভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিচালনা সমিতিয়ে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় যে, লিখিত অনুমতি অবিহনে বৰফুকন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পাপুৱে গছ কাটিছে । দেওবাৰে বিদ্যালয় বন্ধ থকা অৱস্থাতে বিদ্যালয়খনৰ চৌহদত থকা ১৭ জোপাকৈ মূল্যৱান গছ কাটি উধাও হয় ।  

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কোনো সভাৰ অনুমোদন নোহোৱাকৈ, লিখিত কোনো অনুমতি বিনেই এইজন স্বয়ম্ভূ ৱাৰ্ড সদস্যই বিদ্যালয়ৰ চৌহদত থকা ৭০ বছৰীয়া সোণাৰু, নাহৰ, মজ, আজাৰ, গমাৰিকে ধৰি বহুকেইজোপা মূল্যৱান গছ কাটি লৈ যায় । বিদ্যালয়ৰ চৌহদত লিখিত অনুমতি অবিহনে মূল্যৱান গছ কটাৰ  পিছতেই নামতি চাৰিআলিৰ সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰিচালনা সমিতিৰ কোনো ধৰণৰ অনুমোদন অবিহনে পাপু নামৰ কাঠৰ ব্যৱসায়ীজনে কেনেদৰে কাৰ অনুমোদনত ১৭ জোপাকৈ মূল্যৱান গছ কাটি বিক্ৰী কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত ।  

আনহাতে, উক্ত ঘটনাটো সংঘটিত হোৱাৰ চাৰিদিনৰ পিছতো বিদ্যালয়ৰ প্ৰধানে আইনী ব্যৱস্থা গ্ৰহণ নকৰাটো সচেতন লোকে সহজভাৱে ল'ব পৰা নাই । প্ৰকৃতিৰ ভাৰসম্যতা বিনষ্ট কৰি কোনো ধৰণৰ পৰিচালনা সমিতিৰ লিখিত অনুমোদন নোলোৱাকৈ, বন বিভাগৰ অনুমতি অবিহনে এজন ৱাৰ্ড সদস্যই কৰা এনে কাৰ্যক স্থানীয় লোকে গৰিহণা দিছে । বৰ্তমানলৈ পৰিচালনা সমিতিৰ সভাপতি অথবা বিদ্যালয়ৰ প্ৰধানে বন ধ্বংস কৰা আৰু বিদ্যালয়ৰ সম্পত্তি অকৰ্তৃত্বশীলভাৱে বিক্ৰী কৰাৰ পিছতো অহেতুক দৰদ দেখুওৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক:Bhupen Hazarika's birth anniversary: ভূপেন হাজৰিকাক ‘‘মদাৰৰ ফুল’’ জ্ঞান কৰিছে নেকি চৰকাৰে !

ABOUT THE AUTHOR

...view details