অসম

assam

AACSU ৰ উদ্যোগত সৰুপথাৰত তৰ্ক প্ৰতিযোগিতা

ETV Bharat / videos

Debate Competition in Sarupothar: AACSU ৰ উদ্যোগত সৰুপথাৰত তৰ্ক প্ৰতিযোগিতা - Golden Jubilee of Sarupathar College

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 1:54 PM IST

সৰুপথাৰ,৮ অক্টোবৰ:সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি সদৌ অসম আন্তঃমহাবিদ্যালয় তথা বিশ্ববিদ্যালয় ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সদনৰ মতে, "এক দেশ, এক নিৰ্বাচনৰ জৰিয়তেহে ভাৰতৰ গণতন্ত্ৰ অধিক শক্তিশালী আৰু ফলপ্ৰসূ হ'ব।" বিষয়ক এখন তৰ্ক প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰি অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰায় একুৰিৰো অধিক তাৰ্কিকেৰে তুমূল তৰ্ক যুদ্ধৰে উত্তাল হৈ পৰে সদনৰ সপক্ষ আৰু বিপক্ষ ।  

তৰ্ক প্ৰতিযোগিতাৰ ফলাফল দলীয় শাখাত শ্ৰেষ্ঠ দল যোৰহাট জে,বি কলেজ, দ্বিতীয় শ্ৰেষ্ঠ দল দেৰগাঁও কমল দুৱৰা কলেজ । আনহাতে ব্যক্তিগত শাখাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে গুৱাহাটীৰ মনোজ কুমাৰ বৰুৱা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান আজুৰি আনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শিৱাশীষ শৰ্মাই, তৃতীয় স্থানত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ছাত্ৰ সৰ্বানন্দ নেওগে । বিচাৰক হিচাপে উপস্থিত থাকে যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা  ড° মহেশ্বতা দেৱী, গুৱাহাটীৰ অংশুমান ভৰদ্বাজ আৰু প্ৰাঞ্জল প্ৰতীম ডেকা ।  

লগতে পঢ়ক:ULFA-I cader surrendered : প্ৰায় ন বছৰে কৰা সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি স্ব-ভূমিলৈ ঘূৰিল চন্দন অসম

For All Latest Updates

ABOUT THE AUTHOR

...view details