Firing at Assam Aruanchal border: অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া; চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
তেজপুৰ, 5 জুন : অসম-অৰুণাচল সীমান্তৰ পানবাৰীত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত দুজনকৈ অসমীয়া লোক নিহত হোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ অৰুণাচলী লোকে অসমৰ লোকক বাৰম্বাৰ আক্ৰমণ কৰা, চুবুৰীয়া ৰাজ্যই আক্ৰমণ কৰি অহা বিষয়টোক গুৰুত্ব সহকাৰে ল’বলৈ চৰকাৰক আহ্বান প্ৰদেশ কংগ্ৰেছৰ (Debabrata Saikia Reacts Over Firing Incident) ৷
চুবুৰীয়া ৰাজ্য সমূহে ইয়াৰ পূৰ্বেও অসমৰ খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছে ৷ কিন্তু চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাৰ সমাধানৰ আশ্বাস দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য সমূহৰ মন্ত্ৰী পৰিষদৰ লগত গুৰুত্ব সহকাৰে আলোচনা নকৰাৰ ফলশ্ৰুতি এইয়া বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । সোমবাৰে তেজপুৰত কংগ্ৰেছ দলৰ নেতৃত্বত 11টা বিৰোধী দলৰ সৈতে আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভত হোৱা বৈঠকৰ অন্তত এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Firing Incident in Assam Arunachal Border) ৷
ৰাজ্য চৰকাৰক কটাক্ষ কৰি কৰি কয় যে কেতিয়াবা মেঘালয়, কেতিয়াবা মিজোৰাম ,নাগালেণ্ড আৰু অৰুণাচলীয়ে সঘনাই অসমৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলাই আহিছে, এয়া কোনো নতুন কথা নহয় ৷ চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই এই সমূহ সমস্যাই দেখা দিছে বুলি উল্লেখ কৰি আজিৰ অৰুণাচলীয়ে অসমৰ লোকক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী জনায় (Firing at Assam Aruanchal border) ৷
লগতে পঢ়ক:Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক