অসম

assam

বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যু

ETV Bharat / videos

Death trap of electricity department: খোৱাঙৰ চেঁ‌চুঘাটত বাঁহৰ খুটাৰে বিদ‍্যুৎ যোগান

By

Published : Mar 23, 2023, 12:37 PM IST

মৰাণ, 23 মাৰ্চ: ৰাজ্যত 24 ঘন্টাই বিদ্যুত যোগান ধৰাৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি কাৰ্যক্ষেত্ৰত যেন এতিয়া সকলো ফুটুকাৰ ফেন ৷ এফালে মাহে মাহে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল, আনফালে ঠায়ে ঠায়ে বাঁহৰ খুটা আৰু গছৰ ডালৰ জৰিয়তে চলিছে বিদ্যুৎ সেৱা যোগান । বাঁহৰ খুটাৰে বিদ‍্যুৎ যোগান ধৰি যেন মৰণ ফান্দ পাতিছে বিদ্যুৎ বিভাগে (Death trap of electricity department) । 

ডিব্ৰুগড়ৰ খোৱাং চেঁ‌চুঘাটত আজিও বাঁহৰ খুটাৰ জৰিয়তে চলিছে বিদ্যুৎ সেৱা ৷ মৰাণ বিদ্যুৎ উপ- সংমণ্ডলৰ অন্তৰ্গত খোৱাঙৰ চেঁ‌চুঘাটত মৰণ ফান্দ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে বিদ্যুৎ বিভাগে ৷ অঞ্চলটোৰ বিভিন্ন স্থানত ২২০ ভল্টৰ আওপুৰণি বিদ্যুতৰ তাঁ‌ৰ সমূহ ওলমি পৰিছে ৷ যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী (Electricity supply by bamboo poles in khowang) ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বিদ্যুতৰ পুৰণি হৈ পৰা খুটা আৰু তাঁৰ সমূহ বিভাগে সলনি কৰি নিদিয়াত উপায়ন্তৰ হৈ ৰাইজে বাঁহৰ খুটা আৰু গছৰ ডাল পুতি কোনোমতে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি লৈছে (Poor electricity connection in Khowang) । বিভিন্ন স্থানত এতিয়াও বিদ্যুৎ সৰবৰাহ হৈ থকা তাঁ‌ৰ সমূহ ওলমি আছে । যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটন ঘটাৰ শংকাবোধ কৰিছে ৰাইজে । স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক খুটা আৰু তাঁৰ সমূহ সলনি কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও বিভাগে কোনো গুৰুত্ব দিয়া নাই । যাৰ বাবে এতিয়া একাংশ গ্ৰাহকে বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ হুংকাৰো দিছে (Assam State Electricity Board) ৷

লগতে পঢ়ক:Press meet on G20 : ডিব্ৰুগড়ত দুদিনীয়াকৈ হ’ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন

ABOUT THE AUTHOR

...view details