Body recovered in Rajgarh: টিংখাঙৰ ৰাজগড়ত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
মৰাণ, ২৭ ফেব্ৰুৱাৰী:টিংখাঙৰ ৰাজগড়ত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য (Death Body recovered at Rajgarh)। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত সোমবাৰে এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় (Death Body recovered at Tingkhong)। ৰাজগড় চাহ বাগিচাৰ সমীপৰ ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্বাৰ হৈছে এই মৃতদেহটো । প্ৰায় ৩৫ বছৰীয়া লোকজনৰ মৃতদেহটো বৰ্তমানলৈকে আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই ।
স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্য়ক্ষ কৰি ৰাজগড় আৰক্ষীক চকীত খবৰ দিয়ে । পিচত ঘটনাস্থলীত ৰাজগড়ৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে (Body recovered in Rajgarh Tea Estate)। আৰক্ষীয়ে মৃতদেহটো বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি মৃত লোকজনৰ ভৰিত আঘাতৰ চিন স্পষ্ট হৈ আছে । নিশা কোনো লোকে এই মৃতদেহটো উক্ত স্থানত পেলাই যোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে । লোকজনৰ লগত কোনো ধৰণৰ পৰিচয় পত্ৰ উদ্ধাৰ হোৱা নাই । এই অঞ্চলটোত ইয়াৰ পূৰ্বেও মৃতদেহ উদ্ধাৰ হৈছিল ।
উল্লেখ্য় যে, জিলাখনৰ টিংখাঙত শেহতীয়াকৈ কেইবাগৰাকী পুৰুষ-মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । যোৱা ২৭ জানুৱাৰীত ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড়-কেন্দুগুৰি পথৰ এটা কালভাৰ্টৰ তলত খেৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল এটা মৃতদেহ । পিছত এই উৱলি যোৱা মৃতদেহটো লংবৈ চাহ বাগিচাৰ ৩০ নং ম'হখোৱা গাঁৱৰ প্ৰেমি মূড়া (৪৫) বুলি চিনাক্ত কৰা হৈছিল যদিও মৃত্যুৰ কাৰণ আজিও পোহৰলৈ আনিবলৈ সক্ষম নহ'ল টিংখাঙৰ ৰাজগড় আৰক্ষী । আজি পুনৰ এইদৰে টিংখাঙৰ ৰাজগড় আৰক্ষী থানাৰ এলেকাতে মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।