Deadbody recovered: নিচাযুক্ত সামগ্ৰী সেৱন কৰি যুৱকৰ মৃত্যুৰ সন্দেহ - গুৱাহাটী মেডিকেল কলেজ হাস্পতাল
ৰঙিয়া, 6 আগষ্ট:ৰঙিয়া ষ্টেচনৰ সমীপত অঘটন ৷ ষ্টেটচনৰ সমীপতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ যুৱকজনৰ নাম নয়ন জ্যোতি দাস বুলি জানিব পৰা গৈছে ৷ নীলা ৰঙৰ জীন্স আৰু আকাশী ৰঙৰ টি-ছাৰ্ট পৰিহিত যুৱকজনৰ মৃত্যুক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। মৃত নয়ন জ্যোতি দাসৰ ঘৰ ওদালগুৰি জিলাত বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ বয়স প্ৰায় ৩০ বছৰ।
ৰঙিয়াৰ মাজমজিয়াত দিন দুপৰতে হোৱা এনেধৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে যুৱকজনে অত্যাধিক নিচাযুক্ত সামগ্ৰী সেৱন কৰি মৃত্যুৰ মুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে আৰক্ষীৰ অনুসন্ধান লগতে মৰণোত্তৰ পৰীক্ষাৰ পাচতহে সেয়া নিশ্চিত হ'ব ।
ইতিমধ্যে ৰঙিয়া থানাত মৃত যুৱকজনৰ পৰিয়ালৰ লোক আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক:Pregnant woman attacked: মৰিয়নীত নিশাৰ নিৰৱতা ভেদিলে নিযাৰ্তিতা অন্তঃসত্বা মহিলাৰ চিঞৰে