দিখৌমুখত ৰহস্যজনক মৃতদেহ উদ্ধাৰ - Deadbody recovered at Amguri
গৌৰীসাগৰৰ দিখৌমুখত অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় (Deadbody recovered at Amguri) ৷ দিখৌমুখৰ ৰঘুবাৰীত দিখৌ নৈত উটি অহা অৱস্থাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় লোকে দিখৌমুখ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় (Dikhowmukh police) ৷ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত নদীৰপৰা নাৱৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জীন্স পেন্ট আৰু টী-ছাৰ্ট পৰিহিত অচিনাক্ত মৃতদেহটো এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:24 PM IST