Deadbody Recover in Kamalpur: মৃতদেহৰ সন্ধানত দিছপুৰ আৰক্ষীৰ অভিযান - মৃতদেহৰ সন্ধানত দিছপুৰ আৰক্ষীৰ অভিযান
নিশা দুই বজাত বাইহাটা চাৰিআলিৰ কমলপুৰত দিছপুৰ আৰক্ষীৰ অভিযান (Dispur police station)। হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰত এটি মৃতদেহ বিচাৰি দিছপুৰ আৰক্ষীয়ে এই অভিযান চলায় (Police searching a body in Kamalpur)। কমলপুৰ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটি মৃতদেহ । মৃতদেহটি আছিল দেৱনাথ ভূঞা নামৰ এগৰাকী ব্যক্তিৰ । হিতেশ দাস নামৰ লোকজনে দেৱনাথ ভূঞাক মূৰত কোবাই হত্যা কৰি কমলপুৰৰ জংঘলৰ মাজত পেলাই থৈ যায় বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছিল । হিতেশ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত কমলপুৰত মৃতদেহটি হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Kamalpur police station)।
Last Updated : Feb 3, 2023, 8:37 PM IST