Jorhat suicide news:ভোগদৈত উদ্ধাৰ বিবাহিতা মহিলাৰ মৃতদেহ - married woman who jumped into bhogdoi river
🎬 Watch Now: Feature Video
যোৰহাট, 10 আগষ্ট :ভোগদৈত জাঁপ দিয়া বিবাহিতা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ । পৰিকল্পিতভাৱে হত্যা কৰা অভিযোগ । যোৰহাট সদৰ থানাৰ অন্তৰ্গত সৰ্বাইবন্ধা ডিমৰীয়াগুৰিত মঙলবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা । সৰ্বাইবন্ধা ডিমৰীয়াগুৰিত জিন্টু বৰদলৈৰ পত্নী অংকিতা বৰদলৈ(২২) য়ে ভোগদৈ নৈত গভীৰ নিশা জাঁপ দিছিল, তাৰ পিচৰ পৰাই বিবাহিতা মহিলাগৰাকী সন্ধান বিচাৰি SDRF বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল ৷ SDRF বাহিনীক সহায় কৰিছিল গাঁওবাসীয়ে ৷ প্ৰায় তিনিদিনৰ পিচত অংকিতা বৰদলৈ নামৰ বিবাহিতা মহিলাগৰাকীৰ মৃতদেহ ঘটনাস্থলী পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ভোগদৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে SDRF বাহিনীয়ে ।
আনহাতে বিবাহিতা মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ মহিলাগৰাকীৰ গাত কোনো লোকে গৰম পানী ঢালি দিয়াৰো অভিযোগ উঠিছে । উল্লেখ্য যে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হোৱা অংকিতা বৰদলৈৰ চেণ্ডেল ভোগদৈ নৈৰ পাৰত উদ্ধাৰ হোৱা বাবেই মহিলাগৰাকীয়ে ভোগদৈত জাঁপ দিয়া বুলি সন্দেহ কৰিছিল স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে । ভোগদৈত জাঁপ দিয়া মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ দিনাই পৰিয়ালৰ লোকে বিৱৰি কৈছিল যে কাজিয়া বাবে বাবে অংকিতা বৰদলৈয়ে চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ।
লগতে পঢ়ক :Married woman commits suicide in Jorhat: ভৰা ভোগদৈত জাঁপ দিলে বোৱাৰীয়ে