Dead body recovered : এইবাৰ পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ - ইটোৰ পিচত সিটোকৈ উদ্ধাৰ হৈছে মৃতদেহ।
Published : Nov 6, 2023, 12:05 PM IST
গুৱাহাটী, ৬ নৱেম্বৰ:মহানগৰীত মৃত্যু যেন এতিয়া তেনেই সহজলভ্য । মহানগৰীৰ বিভিন্ন স্থানত প্ৰতিদিনে ইটোৰ পিচত সিটোকৈ উদ্ধাৰ হৈছে মৃতদেহ। সোমবাৰে মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ কৰা হয় । গড়চুকৰ পামহীৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। সোমবাৰে পুৱাই মৃতদেহটো স্থানীয় লোকে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি গড়চুক আৰক্ষীক অৱগত কৰে ।
মৃত লোকজন টংলাৰ অজয় বুলি চিনাক্ত কৰা হৈছে ৷ কিছুদিনৰ পৰা গড়চুকস্থিত মা দুৰ্গা কেবিনত কৰ্মৰত আছিল মৃত লোকজন। স্থানীয় ৰাইজ তথা মা দুৰ্গা কেবিনৰ স্বত্বাধিকাৰী জয়ন্ত ঠাকুৰীয়াই সন্দেহ কৰা অনুসৰি অত্যাধিক সুৰাপান কৰাৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় অজয়ে। সম্প্ৰতি ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক:Encounter in Dhubri: ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰুৰ চোৰাং সৰবৰাহকাৰী