Dead body recovered: অৰ্ধউন্মুক্ত দোকান গৃহত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
জোনাই, ২১ আগষ্ট: বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিচত সিটো মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে জোনাইৰ ৰুকচিনত এটা অৰ্ধউন্মুক্ত দোকানগৃহত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ জানিব পৰা মতে সোমবাৰে দিনৰ ১২ বজাত জোনাই মহকুমাৰ অসম অৰুণাচল সীমান্তৰ ৰুকচিনৰ এটা অৰ্ধউন্মুক্ত দোকান গৃহত অচিনাক্ত মহিলাৰ মৃতদেহটো প্ৰথমে কেইজনমান মেজিক পিকআপ বাহনৰ গাড়ী চালকে প্ৰত্যক্ষ কৰে ৷
লগে লগে তেওঁলোকে জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ বাতৰি লিখাৰ সময়লৈকে মৃত মহিলাগৰাকীৰ পৰিচয় চিনাক্ত কৰিব পৰা হোৱা নাই।
ইফালে স্থানীয় ৰাইজে মহিলাগৰাকীৰ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সদৰী কৰে ৷ ইতিমধ্যে জোনাই আৰক্ষী আৰু দণ্ডাধীশে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ