Dead body recovered: 24 ঘন্টাৰ ভিতৰত গুৱাহাটীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ - গুৱাহাটী মহানগৰীত বাজিছে মৃত্যুৰ ঘন্টা
গুৱাহাটী, 17 আগষ্ট :গুৱাহাটী মহানগৰীত বাজিছে নেকি মৃত্যুৰ ঘন্টা ৷ মৃত্যু যেন এতিয়া তেনেই সাধাৰণ ঘটনা হিচাপে পৰিগণিত হৈছে মহানগৰীত । কিয়নো বিগত 24 ঘন্টাত মহানগৰীৰ বিভিন্ন স্থানত উদ্ধাৰ হৈছে মুঠ 4 টা মৃতদেহ । বুধবাৰে মহানগৰীৰ কামাখ্য, ভঙাগড় আৰু চচলত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে বৃহস্পতিবাৰে পুনৰ বৰাগাঁৱত উদ্ধাৰ হয় আন এজন লোকৰ মৃতদেহ ।
তথ্য অনুসৰি, বৰাগাঁৱৰ নতুন উৰণীয়া সেতুৰ ওপৰত উদ্ধাৰ হৈছে মৃতদেহটো । জানিব পৰা মতে, মৃত লোকজনৰ নাম দীপু । দীৰ্ঘদিন ধৰি ই-ৰিক্সা চালক হিচাপে কৰ্মৰত আছিল দীপু । বৰাগাঁওস্থিত ভগৱান দাস নামৰ এজন লোকৰ ঘৰতে ভাড়াতীয়া হিচাপে বসবাস কৰিছিল দীপুৱে ।
কিন্তু হঠাৎ বৃহস্পতিবাৰে পুৱা বৰাগাঁৱৰ নতুন উৰণ সেতুৰ ওপৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দীপুৰ মৃতদেহ ৷ তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । উল্লেখ্য যে, মৃতদেহটোৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷
কোনো লোকে দীপুক হত্যা কৰি পেলাই থৈ দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে ।
লগতে পঢ়ক :Dead body recovered : মহানগৰীৰ চচলৰ চন্দন নগৰত মৃতদেহ উদ্ধাৰ