অসম

assam

বাহনৰ ভিতৰত মৃতদেহ উদ্ধাৰ

ETV Bharat / videos

Dead body recover: মহানগৰীত ATM ত ধন ভৰাবলৈ ব্যৱহৃত হোৱা বাহনৰ ভিতৰত মৃতদেহ উদ্ধাৰ - পুনৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:35 PM IST

গুৱাহাটী, ৩০অক্টোবৰ: মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ হৈছে । এইবাৰৰ স্থান মঠঘৰীয়া অঞ্চল। মঠঘৰীয়াৰ শিশু বিদ্যা নিকেতন স্কুলৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই থোৱা ATM ত ধন ভৰাবলৈ ব্যৱহৃত হোৱা বাহনৰ ভিতৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত লোকজন নাৰেংগী শান্তি নগৰৰ বাসিন্দা সমৰ ৰঞ্জন দাস বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, মঠঘৰীয়াৰ শিশু বিদ্যা নিকেতন স্কুলৰ সন্মুখৰ পথৰ দাঁতিত ৰখাই থোৱা AS 01NC 7713 নম্বৰৰ বাহন খনৰ ভিতৰত সোমবাৰে দিনৰ ভাগত চালকে লোকজনৰ মৃতদেহ পৰি থকা দেখি ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে। তাৰ পিচতেই ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে, মৃত সমৰ ৰঞ্জন দাস যোৱা তিনিদিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। স্থানীয় আন একাংশ লোকৰ ভাষ্য অনুসৰি মৃত সমৰ ৰঞ্জন দাস দীৰ্ঘদিন ধৰি মানসিক ৰোগত ভুগি আছিল। মন কৰিবলৈ কথা এই যে, ATM লৈ ধন নিবলৈ ব্যৱহাৰ কৰা বাহনখনৰ দৰ্জাৰ লক খোলা আছিল। যাৰ বাবে লোক জনে বাহনখনৰ ভিতৰত সোমাইছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক:Ganja Peddler detained: ৰাইজৰ ৰোষত পৰিল গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details