অসম

assam

ETV Bharat / videos

Volleyball tournament: মঙলদৈত সাংসদ ক্ৰীড়া সমাৰোহ উপলক্ষে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা - সাংসদ ক্ৰীড়া সমাৰোহ

By

Published : Jan 19, 2023, 9:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ছিপাঝাৰত অনুষ্ঠিত হৈছে সাংসদ ক্ৰীড়া সমাৰোহ উপলক্ষে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা (day night volleyball competition) । ক্ৰীড়া অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱকল্যাণ তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি দৰং জিলা বিজেপিৰ সহযোগত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অধীনৰ ছিপাঝাৰত অনুষ্ঠিত হৈছে এই ক্ৰীড়া সমাৰোহ (Volleyball tournament at Sipajhar) ৷ 

সাংসদ ক্ৰীড়া সমাৰোহৰ অংশ হিচাপে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত পুৰুষ-মহিলা উভয় শাখাতে অনুষ্ঠিত হৈছে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা ৷ বৃহস্পতিবাৰে ছিপাঝাৰত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই ৷ নিজৰ ভাষণত মন্ত্ৰী বড়াই ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সাংসদ দিলীপ শইকীয়াকো এই ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ বাবে ধন্য়বাদ জনায় ৷ 

সাংসদ দিলীপ শইকীয়াই নিজৰ ভাষণত উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ প্ৰতিটো সংসদীয় সমষ্টিতে এনে ক্ৰীড়া মহোৎসৱ আয়োজনৰ প্ৰস্তাৱ দিছিল ৷ লোকসভা আৰু ৰাজ্যসভাৰ প্ৰতিজন সাংসদকে এইক্ষেত্ৰত আগভাগ লৈ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে নিৰ্দেশ দিছিল ৷ সেই নিৰ্দেশ অনুসৰিয়েই মঙলদৈ সমষ্টিটো অনুষ্ঠিত কৰা হয় এই ক্ৰীড়া সমাৰোহ ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details