অসম

assam

Lakhimpur firing case

ETV Bharat / videos

Lakhimpur firing case: অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Jun 8, 2023, 3:29 PM IST

মঙলদৈ, 8 জুন:লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত দুগৰাকী অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে (Assam Arunachal border tense) ৷ মঙলদৈত এই ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ (Lakhimpur border firing case) ৷  

উল্লেখ্য যে 5 জুন তাৰিখে গছপুলি ৰোপন কৰিবলৈ গৈ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৰ জয়ৰামপুৰৰ পানবাৰীত অৰুণাচলীৰ গুলীত নিহত হৈছিল বগা চেতিয়া আৰু মণ্টু গগৈ নামৰ দুই অসমীয়া লোক ৷  

এই ঘটনাৰে জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে অৰুণাচলীক অসমত প্ৰৱেশত বাধা দিয়া হ’ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে (AJYCP protest in Darrang) ৷  

লগতে পঢ়ক:Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন !

ABOUT THE AUTHOR

...view details