অসম

assam

Car stunt viral video : চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্ট

By

Published : Mar 28, 2023, 10:50 PM IST

Updated : Apr 13, 2023, 4:36 PM IST

ৰাজপথত কাৰ ষ্টাণ্ট

জোনাই, ২৮ মাৰ্চ :বিভিন্ন সামাজিক মাধ্যমত নাইবা কেতিয়াবা ৰাজপথত আপুনি বাইক ষ্টাণ্ট কৰা দেখিছে । কিন্তু এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছো কেইজনমান উদণ্ড যুৱকৰ ভয়ংকৰ কাৰ ষ্টাণ্ট । অৱশ্যে এয়া কোনো চিনেমাৰ শ্বুটিঙৰ দৃশ্যগ্ৰহণ নহয় (Car stunt viral video)।

মঙলবাৰে চিলাপথাৰৰ কোলাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাপথত দেখা গ’ল দক্ষিণ ভাৰত চিনেমাৰ দৰে এখন গাড়ীত এজন দুজন নহয় কেবাজনো উদণ্ড যুৱকৰ গাড়ী ষ্টাণ্ট । হয়টো যিকোনো মূহুৰ্তত ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ দৰে এক ঘটনা । নিমিষতে হেৰাই যাব পাৰে যুৱককেইজনৰ প্ৰাণ (On road Silapathar youth car stunt)। কিন্তু এইবোৰলৈ যেন কোনো ভ্ৰূক্ষেপেই নাই উদণ্ড যুৱককেইজনৰ ৷

উদণ্ড যুৱককেইজনৰ গাড়ীৰ ষ্টাণ্ট দেখি পেটতে হাত-ভৰি লুকুৱা সদৃশ অৱস্থা হৈছে পথচাৰীৰ ৷ কিন্তু কোনে বুজাব বা কাৰ শিকনি গ্ৰহণ কৰিব এই উদণ্ড যুৱকেইজনে ৷ সম্প্ৰতি সামাজিক মাধ্যমত বাইৰেল হৈ পৰিছে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্টৰ ভিডিঅ’ ৷ এই দৃশ্য দেখি উদণ্ড যুৱককেইজনৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক :Jonai Youth Weaver : তাঁতশালত বহি সপোন ৰচিছে কণমানি ৰাজ পেগুৱে

Last Updated : Apr 13, 2023, 4:36 PM IST

ABOUT THE AUTHOR

...view details