অসম

assam

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হ’ল নৃত্যশিল্পী নীলাঞ্জনাই

ETV Bharat / videos

London Book of World Records : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলালে নৃত্যশিল্পী নীলাঞ্জনাই - নাম উজ্বলাবলৈ সক্ষম হ’ল নৃত্যশিল্পী নীলাঞ্জনাই

By

Published : Mar 29, 2023, 10:46 PM IST

নগাওঁ, 29 মাৰ্চ :  পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হ'ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই । নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশন কৰি " লণ্ডন বুক অফ ৱৰ্লড ৰেকৰ্ডত" নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশনৰ জৰিয়তে এই সন্মান বুটলিবলৈ সক্ষম হোৱাৰ পাছতেই নীলাঞ্জনা বেজবৰুৱাৰ বাসগৃহত লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ববীয়া উপস্থিত হৈ এই সন্মান প্ৰদান কৰে (Dancer Nilanjana Bezbaruah)  ।  

এই সন্মানত আছে এটা ট্ৰফী, এখন প্ৰমাণ পত্ৰ আৰু এটা ব্ৰঞ্জৰ মেডেল । শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ "অজন্তা ইলোৰা ইন্টাৰনেশ্যনেল আৰ্ট গেলেৰীয়ে" নীলাঞ্জনা বেজবৰুৱাক "ৰবীন্দ্ৰনাথ ঠাকুৰ কলা বিভূষণ" সন্মানিত কৰিছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে (Assam youth got London Book of World Records)। 

এতিয়া নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালৰবৰ্গৰ লগতে নগাওঁবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক :Amritpal Singh updates: খালিস্তানী নেতা অমৃতপাল সিঙে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details