অসম

assam

Borgeet Training in Dhemaji: খোলৰ চাপত ৰজনজনাইছে ধেমাজি

By

Published : Jul 19, 2023, 9:05 PM IST

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধেমাজি জিলা সংস্কৃতি শাখা

ধেমাজি, ১৯ জুলাই :গৰম বন্ধৰ সময়ছোৱাত ধেমাজিতো ছাত্ৰ-ছাত্ৰীসকলে ব্যস্ত হৈ পৰিছে বিভিন্ন বিনোদনৰ কৰ্মসূচীত ৷ ছাত্ৰ-ছাত্ৰীসকলক গুৰুজনাৰ আদৰ্শ আৰু শংকৰী সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধেমাজি জিলা সংস্কৃতি শাখাৰ উদ্যোগত আৰু মাছখোৱা আঞ্চলিক শাখাৰ সহযোগত মাছখোৱা আঞ্চলিক শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰত সাত দিনীয়াকৈ খোল বাদন,বৰগীত আৰু নৃত্যৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে ।  

দুই শতাধিক ছাত্ৰছাত্ৰীয়ে একেলগে খোল বজাই গ্ৰহন কৰিছে বিশিষ্ট প্ৰশিক্ষকসকলৰ পৰা গুৰুজনাৰ অমৰ সৃষ্টিৰাজি শংকৰী সংস্কৃতি ৷ যোৱা ১৬ জুনৰ পৰা আৰম্ভ কৰা এই শংকৰী সংস্কৃতি কৰ্মশালাখনি অহা ২২ জুলাইত সামৰণি পৰিব ৷

লগতে পঢ়ক:Oppositions INDIA Controversy : হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰতি আনুগত্যৰ প্ৰমাণ দি আছে; কংগ্ৰেছৰ কটাক্ষ

ABOUT THE AUTHOR

...view details