অসম

assam

১৪ ডিচেম্বৰৰ পৰা অৰেঞ্জ মহোৎসৱ, উদুলি-মুদুলি অৰুণাচলৰ দাম্বুক

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:32 PM IST

১৪ ডিচেম্বৰৰ পৰা অৰুণাচলৰ দাম্বুকত অৰেঞ্জ মহোৎসৱ

জোনাই, ১৩ ডিচেম্বৰ : অহা ১৪ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ দাম্বুকত অনুষ্ঠিত হ’ব অৰেঞ্জ মহোৎসৱ ৷ দিবাং ভেলীৰ দাম্বুকৰ এক মনোমোহা পৰিৱেশত বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত মহোৎসৱ ৷

অৰেঞ্জ মহোৎসৱক লৈ সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে ৷ উল্লেখ্য যে প্ৰতিবছৰে আয়োজন কৰা অৰেঞ্জ মহোৎসৱৰ মুখ্য আকৰ্ষণ হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনপ্ৰিয় দাম্বুকৰ কমলা ৷

উল্লেখ্য যে, অৰুণাচলৰ দাম্বুকৰ কমলাক বিশ্বৰ দৰবাৰত সমাদৰ লাভ কৰাৰ স্বাৰ্থত অনুষ্ঠিত কৰি আহিছে অৰেঞ্জ ফেষ্টিভেল । দেশৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ দাম্বোকৰ কমলা সুৱাদযুক্ত আৰু দেখাত ধুনীয়া । অৰেঞ্জ ফেষ্টিভেলত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা পৰ্যটক অহাৰ লগতে বিদেশৰ পৰাও আহে পৰ্যটক ।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অৰেঞ্জ ফেষ্টিভেলত দেশ-বিদেশৰ মিউজিক বেণ্ডৰ সদস্যই নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে প্ৰদৰ্শন কৰিব নিজৰ নিজৰ কলা-কৌশল ৷

লগতে পঢ়ক :পকিবলৈ ধৰিছে সুস্বাদু কমলা, ইষ্ট ছিয়াঙৰ ৰসাল কমলাৰে ভৰিছে অসমৰ বজাৰ

ABOUT THE AUTHOR

...view details