অসম

assam

জোনাইৰ পৰা কোকৰাঝালৈ যাবলগীয়া দিবা বাছ

ETV Bharat / videos

এতিয়া আৰু দুই তিনিখন বাহন সলাই যাত্ৰা কৰিব নালাগে

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 7:57 PM IST

জোনাই, ২৩ ডিচেম্বৰ :এবছুকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই বি.টি.আৰ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগে জোনাইৰ পৰা কোকৰঝাৰ আৰু কোকৰাঝাৰৰ পৰা জোনাইলৈ পোনপটীয়াকৈ মুকলি কৰিছে দৈনিক বাছ সেৱা । শুকুৰবাৰে সন্ধিয়া জোনাই পাব্লিক বাছ আস্থানত জোনাইৰ পৰা “বডোলেণ্ড ট্ৰান্সপৰ্ট ছাৰ্ভিচ” নামৰ এখন দিবা বাছ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক বদচা ব্ৰহ্মই ।

উক্ত বাছ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এবছু ধেমাজি জিলা সমিতিৰ উপ-সভাপতি চুৰ্জিত নাৰ্জাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুচাহাৰী, ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি পানিৰাম দৈমাৰীকে ধৰি UBPO, এবছু, ABWWF জোনাই আঞ্চলিক সমিতিৰ বহু কেইগৰাকী বিষয়-ববীয়া ৷ ৰাজাখানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা সবিতা ইচলাৰীও উপস্থিত থাকে । উল্লেখ্য যে, জোনাইৰ পৰা কোকৰাঝালৈ যাবলগীয়া দিবা বাছখন প্ৰতিদিনে পুৱা ৪.৩০ বজাত যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details