অসম

assam

ghy

ETV Bharat / videos

Guwahati Robbery Case : সাতগাঁৱৰ জুৱেলাৰীৰ ডকাইতি কাণ্ডৰ দুজনক গ্ৰেপ্তাৰ - two arrested for robbery in guwahati

By

Published : Feb 9, 2023, 5:39 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী :মহানগৰীৰ সাতগাঁৱৰ সোণৰ গহনাৰ দোকানৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে (sensational robbery of guwahati jewellery shop) । গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডৰ কুশল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা কুখ্যাত ডকাইতকেইটা হৈছে কুশল নগৰৰ প্ৰমোতোশ দিহিঙীয়া ওৰফে পাপু (৪০) আৰু হাতীগাঁও লখিমী নগৰৰ বিপুল দাস (৪৫) (dacoit arrested robbery in guwahati jewellary shop) ।

আটকাধীন ডকাইত দুটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩২৫/৩৯৪ ধাৰাৰ অধীনত সাতগাঁও থানাত ৪৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে । উল্লেখ্য যে 2019 চনৰ 20 ফেব্ৰুৱাৰীত সাতগাঁৱৰ "আলোকা জুৱেলাৰীৰ" স্বত্বাধিকাৰী প্ৰসেনজিত মোদকে দোকান বন্ধ কৰি নিশা নিজগৃহ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হৈছিল উক্ত ডকাইতিৰ ঘটনাটো (two arrested for robbery in guwahati) ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, অইন দিনাৰ দৰে সেইদিনাও প্ৰসেনজিত মোদকে দোকান বন্ধ কৰি দুটা বেগত দোকানৰ সোণৰ আ-অলংকাৰ লৈ নিশা প্ৰায় ৮.৩০ বজাত সাতগাঁও বজাৰত থকা নিজগৃহ অভিমুখে গৈ থকাৰ সময়তে মটৰ চাইকেলত অহা দুজনীয়া ডকাইতৰ দলটোৰ এজনে পিষ্টল লগাই প্ৰহাৰ কৰে । ডকাইতৰ প্ৰহাৰত মাটিত বাগৰি পৰে প্ৰসেনজিত মোদক । তাৰ পিছত ডকাইতৰ দলটোৱে মোদকৰ হাতত থকা প্ৰায় ৪০ লাখ টকাৰ সোণৰ গহনাভৰ্তি বেগ দুখন লুট কৰি তাৰ পৰা পলায়ন কৰে ।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে সাতগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখি চাৰি বছৰৰ অন্তত এই ঘটনাৰ লগত জড়িত দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় কথা এই যে পাঞ্জাবাৰীত দিন দুপৰতে পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডত গ্ৰেপ্তাৰ কৰা ৫ ডকাইতৰ লগত বুধবাৰে গ্ৰেপ্তাৰ কৰা এই দুই ডকাইতৰ যোগাযোগ থকা বুলিও আৰক্ষীয়ে দাবী কৰিছে (purabi dairy manager murder case)। 

লগতে পঢ়ক :ULFA Cadre killed: তিনিচুীয়াত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসম

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details