অসম

assam

ETV Bharat / videos

D license coaching course: ডিফুত ছয়দিনীয়া ক’চিং ক’ৰ্চৰ সফল সামৰণি - ডিফুত ছয়দিনীয়া কচিং কৰ্চৰ সফল সামৰণি

By

Published : Dec 25, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সদৌ অসম ফুটবল সন্থাৰ সহযোগত ডিফু কাছা খেল পথাৰত শনিবাৰে সন্ধিয়া 'ডি লাইছেন্চ ক'চিং চেণ্টাৰৰ সফল সামৰণি পৰে (D license coaching course closing ceremony)৷ ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ ছয়দিনীয়া কাৰ্যসূচীৰে ডিফুৰ অত্যাধুনিক কাছা খেল পথাৰত এ আই এফ এফৰ 'ডি লাইচেণ্চ ক'চিং ক'ৰ্চৰ অসমৰ ২৩ গৰাকীকৈ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয় (D license coaching course in Diphu) ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ হৈ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ছিকিমৰ পৰা অহা অভিজ্ঞ প্ৰশিক্ষক সুৰেণ কুমাৰ ছেত্ৰীয়ে (KASA Stadium in Diphu) ৷ প্ৰশিক্ষণ লাভ কৰা ২৩ গৰাকীৰ ভিতৰত দুগৰাকী কাৰ্বি আংলঙৰ বুলি জানিব পৰা গৈছে ৷ উক্ত ক'চিং ক'ৰ্চত উত্তীৰ্ণ প্ৰশিক্ষকসকলক 'ডি লাইচেন্চ' প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details