অসম

assam

মুকালমুৱাত ছাত্র-ছাত্ৰীক চাইকেল বিতৰণ

ETV Bharat / videos

Cycle Distribution program: মুকালমুৱাত ছাত্র-ছাত্ৰীক চাইকেল বিতৰণ - মুকালমুৱাস্থিত চণ্ডী মেধি বালিকা বিদ্যালয়

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:23 PM IST

নলবাৰী, ২৫ অক্টোবৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতেনলবাৰী জিলাৰ মুকালমুৱাস্থিত চণ্ডী মেধি বালিকা বিদ্যালয়ত মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰা হয়। বুধবাৰে বৰক্ষেত্ৰীৰ প্ৰতিখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ চাইকেল বিতৰণ কৰা হয় । যোৱা ১৪ তাৰিখৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ কৰা হৈছে এই বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী।

ইফালে আগন্তুক সময়ত নলবাৰীৰ বৰক্ষেত্ৰীত ছাত্র-ছাত্ৰীৰ মাজত মুঠ ২,৯১৩ খন চাইকেল বিতৰণ কৰা হ’ব  । পৰ্যায়ক্ৰমে চাইকেলসমূহ বিতৰণ কৰি থকা হ’ব বুলি বুলি জানিবলৈ দিয়ে চণ্ডী মেধি বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক অবেইদুল্লাই। লক্ষণীয় যে, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৩,৬৯,৪৫৪ গৰাকী ছাত্ৰ–ছাত্ৰীলৈ চাইকেল প্ৰদান কৰা হয়। নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক এই বিনামূলীয়া চাইকেল প্ৰদান কৰা হৈছে । ১৬১ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

লগতে পঢ়ক:Assam Govt distribute Bicycles: কোকৰাঝাৰত চাইকেল বিতৰণ প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details