অসম

assam

ETV Bharat / videos

Cyber crime in Morigaon: মুখা পিন্ধি লুটি আহিছিল লক্ষ লক্ষ ধন

By

Published : Dec 10, 2022, 6:30 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

মৰিগাঁও লাহৰীঘাটত আৰক্ষীৰ অভিযানত উৎখাত বৃহৎ চাইবাৰ ঘাটি (Cyber crime in Morigaon)। জব্দ বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী ৷ কুখ্যাত চাইবাৰ অপৰাধী ছিৰাজুল ইছলামে দীৰ্ঘদিন ধৰি বিভিন্ন এপৰ জৰিয়তে সহজ-সৰল লোকৰ নামত চাইবাৰ অপৰাধৰে লুটি আহিছিল লাখ লাখ টকা । এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এটা বিশেষ ফোন নম্বৰৰ আঁত ধৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সমগ্ৰ বিষয়টো তৎপৰতাৰে গ্ৰহণ কৰি যোৱা নিশা ছিৰাজুল ইছলামৰ পত্নীক আটক কৰাৰ পাছতে পোহৰলৈ আহে ছাইবাৰ অপৰাধৰ বিশাল নেটৱৰ্কটিৰ কথা । ছিৰাজুলৰ পত্নীৰ স্বীকাৰোক্তিৰ ভিত্তিত ছিৰাজুলৰ বাসগৃহত অভিযান চলাই ১২১ খন ছিমকাৰ্ড ,১৮খন পানকাৰ্ড, ৫০খন ব্লেং পানকাৰ্ড ,প্ৰায় ৫০০ Blank আধাৰকাৰ্ড, ৫টা লেপটপ, কিউৱাৰ কোড ৩ টা, আইপেড ১টাৰ লগতে বিভিন্ন বেংক বহু পাচবুক আদিকে ধৰি চাইবাৰ কামত ব্যৱহৃত বিভিন্ন নথি/পত্ৰ, ষ্টাম্প, পেড আৰু এখন ফেচমাস্ক জব্দ কৰে ৷ বৰ্তমান পলাতক অৱস্থাত আছে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলাম । আজি লাহৰীঘাট থানাত এক সংবাদমেলৰ আয়োজন কৰি শীঘ্ৰেই বিশাল ছাইবাৰ অপৰাধৰ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা প্ৰকাশ কৰে মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্য়ই ।
Last Updated : Feb 3, 2023, 8:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details