অসম

assam

ভোগালীৰ আনন্দ, ৰৌ,ভকুৱা, চিতল আঁৰিৰে ভৰিছে উজান বজাৰ

ETV Bharat / videos

ভোগালীৰ আনন্দ, ৰৌ,ভকুৱা, চিতল আঁৰিৰে ভৰিছে উজান বজাৰ - Magh Bihu 2024

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 11:25 AM IST

গুৱাহাটী,১৪ জানুৱাৰী:ভোগৰ ভোগজৰা লৈ অসমীয়াৰ চোতালত, অসমীয়াৰ আখলত, অসমীয়াৰ ভঁড়ালত হেঁপাহৰ ভোগালী । আজি উৰুকা । হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে অসমবাসী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰৈ থকা নাই কংক্ৰিটৰ মহানগৰীত বাস কৰা অসমীয়া ৰাইজ । পুৱাতেই প্ৰচণ্ডৰ মাছটো বিচাৰি ঢাপলি মেলিলে উজান বজাৰৰ মাছৰ বজাৰলৈ ।  

বৃহত্তৰ উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই উজান বজাৰত আয়োজন কৰা মৎস্য মেলাত পুৱতি নিশাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানৰ পৰা অহা গ্ৰাহকৰ সোঁত বৈছে । ৰৌ-ভকুৱা, চিতল-আঁৰিৰে ভৰিছে মৎস্য মেলা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনা মাছেৰে ভৰি পৰিছে উজান বজাৰ । মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে যদিও ৰাইজৰ উচাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক:শৈশৱে ৰিঙিয়াই ! অতুল বৰাৰ খেৱালি জালত ৰৌ-মিৰিকা-চিতল

ABOUT THE AUTHOR

...view details