অসম

assam

ETV Bharat / videos

Cubs return to mother leopard : নাহৰফুটুকী পোৱালিৰ মাকৰ সৈতে পুনৰ মিলন - নাহৰফুটুকী পোৱালিৰ মাকৰ সৈতে পুনৰ মিলন

By

Published : Jan 7, 2023, 8:57 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত শনিবাৰে বন বিভাগে দুটা নাহৰফুটুকী পোৱালি মাতৃক ঘূৰাই দিবলৈ সফল হয় (Leopard cubs reunited with mother) । তথ্য অনুসৰি, শিলিগুৰিৰ সমীপৰ বাগডোগ্ৰাৰ মুনি চাহ বাগিচা অঞ্চলত স্থানীয় ৰাইজে দুটা নাহৰফুটুকী পোৱালি উদ্ধাৰ কৰিছিল (Two leopard cubs rescue from Muni tea estate in West Bengal)। তাৰ পাচতে চাহ বাগিচা কৰ্তৃপক্ষই বাগডোগ্ৰা বন বিভাগক খবৰ দিয়ে । খবৰ লাভ কৰিয়েই বন বিভাগৰ লোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ পোৱালি দুটা উদ্ধাৰ কৰে । সেই তেতিয়াৰে পৰা বন বিভাগৰ লোকে পোৱালি কেইটাক মাকৰ ওচৰলৈ লৈ যাবলৈ অশেষ চেষ্টা কৰি আছিল আৰু অৱশেষত পোৱালি কেইটাক মাকৰ ওচৰলৈ পঠিয়াবলৈ সক্ষম হয় বন বিভাগৰ লোকে ৷ আনকি নাহৰফুটুকীৰ পোৱালি কেইটাক মাকে লৈ যোৱাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে বন বিভাগে সংস্থাপন কৰা গোপন কেমেৰাত ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details