অসম

assam

সৰুপথাৰত নিজ বন্দুকৰে গুলীয়াই আত্মহনন CRPF জোৱানৰ

ETV Bharat / videos

CRPF jawan commits suicide: সৰুপথাৰত নিজ বন্দুকৰে গুলীয়াই আত্মহনন CRPF জোৱানৰ - Suicide case in Sorupothar

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:07 PM IST

সৰুপথাৰ,১০ অক্টোবৰ: সৰুপথাৰৰ উৰিয়ামঘাটত অঘটন ৷ নিজ বন্দুকৰে গুলীয়াই আত্মহত্যা CRPF জোৱানৰ ৷ মৃত জোৱানজনৰ নাম গোলাব হুছেইন বুলি জানিবপৰা গৈছে ৷ গোলাব হুছেইন উৰিয়ামঘাটস্থিত চিআৰপিএফ ৰ ১৪২ বাহিনীৰ জোৱান আছিল ৷ মৃত জোৱানজন হেড কনিষ্টবল পদত নিযুক্ত আছিল বুলি জানিব পৰা গৈছে । জোৱানজনৰ ঘৰ বৰপেটা জিলাৰ জৰাবাৰী থানাৰ অনাৰ্গত পকা বেতবাৰী গাঁৱত বুলি জানিব পৰা গৈছে কৰ্তব্যৰ পৰা কেম্পলৈ আহি থকা অৱস্থাত জোৱানজনে উক্ত ঘটনা সংঘটিত কৰে ৷  

উৰিয়ামঘাটৰ সীমান্তৰ যোৰ দলঙৰ পৰা নিজ কৰ্তব্য সম্পন্ন কৰি ৬ জনকৈ চি আৰ পি এফ জোৱানৰ সৈতে খোজ কাঢ়ি চি চেক্টৰৰ ১৪২ নং চি আৰ পি এফ কেম্পলৈ উভটি অহা অৱস্থাত ফৰেষ্ট তিনিআলিৰ সমীপত জোৱানজনে নিজৰ চাৰ্ভিছ বন্দুকৰে মূৰত গুলীয়াই আত্মহত্যা কৰে । আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তজনাই বিৰাজ কৰিছে । ইফালে ঘটনাস্থলীত CRPF, উৰিয়ামঘাট আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Man Commits Suicide: ধাৰ পৰিশোধ কৰিব নোৱাৰি তিনিচুকীয়াত এজনৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details