অসম

assam

জে বি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভিৰ

ETV Bharat / videos

Govt school in Nalbari: নলবাৰীৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দীঘলীয়া শাৰী - Assam govt school news

By

Published : Apr 3, 2023, 3:17 PM IST

নলবাৰী, ৩ এপ্ৰিল: শিক্ষাৰ্থীৰ অভাৱত যি সময়ত ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় বন্ধ হ'বলৈ ধৰিছে তেনে সময়তে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । বিদ্যালয়খনত অধ্য়য়নৰ বাবে দূৰ-দূৰণিৰ পৰা শিক্ষাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে (Crowd at govt schools for admission in Nalbari)। নলবাৰীৰ ঘোগাস্থিত জে বি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গৈছে এই দৃশ্য । পুৱাৰে পৰা এই বিদ্যালয়খনত নামভৰ্তিৰ বাবে ফৰ্ম জমা দিবলৈ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া শাৰীৰ পৰিলক্ষিত হয় । 

উল্লেখযোগ্য যে, ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত ষষ্ঠ আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ সময়চোৱাত চৰাঞ্চলৰ তথা গ্ৰামাঞ্চলৰ অজস্ৰ ছাত্র-ছাত্ৰী এইখন বিদ্যালয়ত ভিৰ কৰেহি । গুণগত শিক্ষা তথা সকলো দিশতে বিদ্যালয়খনৰ বিশেষ নাম থকা বাবেই প্ৰতিবছৰে নামভৰ্তিৰ বাবে ভিৰ কৰে ছাত্ৰ ছাত্ৰীয়ে (JBL Higher Secondary School in Nalbari)।

এইবাৰো পূৰ্বতকৈ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা দুগুণ বৃদ্ধি হৈছে যদিও শিক্ষকৰ সংখ্যা কম হোৱা বাবে বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ (Assam govt school news)। কিয়নো বিদ্যালয়খনত পৰ্যাপ্ত সুবিধা নথকা বাবে সহস্ৰাধিক ছাত্র-ছাত্ৰীৰ মাজৰে পৰা ২৫০ ছাত্র ছাত্রীয়েহে নামভৰ্তিৰ সুযোগ পাব বুলি শিক্ষক সকলে সদৰি কৰিছে । বিদ্যালয়খনত নতুনকৈ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিদ্যালয়খনৰ শিক্ষকসকলে (Govt school in Assam) ।  

লগতে পঢ়ক:Guinness Book of World Records : বঢ়মপুৰত বিহুগীত জুৰিলে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু জিতু গোস্বামীয়ে

ABOUT THE AUTHOR

...view details