হোজাই হাম চিকিৎসালয়ত উদ্বোধন ক্ৰিটিকেল কেয়াৰ এম্বুলেন্স সেৱা - Critical care ambulance services inauguration
Published : Nov 28, 2023, 1:39 PM IST
হোজাই, 28 নৱেম্বৰ :এতিয়াৰে পৰা জৰুৰীকালীন সময়ত ৰোগীসকলে হাম চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ এম্বুলেন্স সেৱাৰ সুবিধা ল’ব পাৰিব হোজাইবাসীয়ে ৷ সোমবাৰে হোজাইৰ হাম চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ এম্বুলেন্স সেৱাৰ উদ্বোধন কৰিলে হাম চিকিৎসালয়ৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল হাম চিকিৎসালয়ৰ সঞ্চালক ড৹ চাইদুল ইচলাম, চিকিৎসক আদিত্য লাংথাছা, চিকিৎসক আল-হিলাল চৌধুৰী আৰু প্ৰশাসনিক বিষয়া মানিক তালুকদাৰসহ বিশিষ্ট লোকসকল ৷
উল্লেখ্য যে, হাম চিকিৎসালয়ত জৰুৰীকালীন সেৱা আগবঢ়োৱা হয় যদিও কেতিয়াবা অধিক সংকটজনক অৱস্থাত বহু ৰোগীক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলগীয়া হয় ৷ আনহাতে, বিভিন্ন সময়ত হোজাইৰ বিভিন্ন প্ৰান্তৰ ৰোগীক সংকটজনক অৱস্থাত গুৱাহাটী অথবা শ্বিলঙলৈ উন্নত চিকিৎসাৰ বাবে নিবলগীয়া হয় ৷ তেনে সময়তে হোজাইত ক্ৰিটিকেল কেয়াৰ এম্বুলেন্স এখনৰ বিশেষ প্ৰয়োজন আছিল ৷ আজি হোজাইবাসীৰ এই দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলি উল্লেখ কৰে সাংসদ আজমলে ৷
লগতে পঢ়ক:ভূপেন বৰাই দলীয় কৰ্মীক সংযত হ’বলৈ শিকাওক: আমিনুল ইছলাম