অসম

assam

শিৱসাগৰৰ দৰিকা দলঙত বৃহৎ ফাঁট

ETV Bharat / videos

Cracked in Darika bridge: শিৱসাগৰৰ দৰিকা দলঙত বৃহৎ ফাঁট - Darika bridge cracked

By

Published : Mar 5, 2023, 9:43 PM IST

Updated : Mar 5, 2023, 10:52 PM IST

শিৱসাগৰ,৫ মাৰ্চ: শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দৰিকা দলঙত মাজভাগতে বৃহৎ ফাঁট(Darika bridge cracked) । যিকোনো মূহুৰ্ততে দলঙখন ভাগি পৰাৰ শংকাই দেখা দিছে । বহু পুৰণি দলঙখনৰ সঠিক মেৰামতি নকৰাত মাজ অংশতে ৰড ওলাই পৰাৰ লগতে এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে । ফলত অতি বিপদজনকভাৱে যাত্ৰীসকলে যাতায়াত কৰিবলগীয়া হৈছে । বিগত মাহত দলং খনৰ দুই মূৰে দ' গাঁতৰ সৃষ্টি হৈছিল(Cracked in Darika bridge in Sivsagar) ।  

দুই মুৰে মেৰামতি কৰিছিল যদিও এইবাৰ মাজঅংশতে সৃষ্টি হৈছে ফুঁটা । ইয়াৰ পৰিপ্ৰেক্ষিতত শীঘ্ৰেই দলঙখনৰ পুনৰ মেৰামতিৰ দাবী উত্থাপন কৰিছে ৰাইজে (Demand for early repair of Darika Bridge)। উল্লেখ্য যে শিৱসাগৰ আৰু ডিব্ৰুগড়, তিনিচুকীয়া সংযোগী মূল পথটোৱেই হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই দলঙখনৰ ওপৰেদিয়েই শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাতায়াতৰ প্ৰধান সম্বল । অথচ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথঁনি উন্নয়ন প্ৰাধিকৰণে দলঙখনৰ সঠিক মেৰামতি নকৰাৰ ফলতে জ্বলাকলা খাই আহিছে ৰাইজে । 

লগতে পঢ়ক:Assam TET exam: শিক্ষান্ত্ৰীয়ে দিলে ভাল খবৰ; ৰাজ্যত পুনৰ হ’ব টেট পৰীক্ষা

Last Updated : Mar 5, 2023, 10:52 PM IST

ABOUT THE AUTHOR

...view details