অসম

assam

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নুনমাটি অঞ্চল

Noonmati train accident : নুনমাটি ৰে’ল লাইনৰ লেভেল ক্ৰচিঙত মেলিছে ফাট; কথমপি ৰক্ষা পৰিল অঞ্চলবাসী

By

Published : May 14, 2023, 6:02 PM IST

Published : May 14, 2023, 6:02 PM IST

ETV Bharat / videos

Noonmati train accident : নুনমাটি ৰে’ল লাইনৰ লেভেল ক্ৰচিঙত মেলিছে ফাট; কথমপি ৰক্ষা পৰিল অঞ্চলবাসী

গুৱাহাটী, ১৪ মে’ : ৰে’ল বিভাগৰ দায়িত্বহীনতাৰ বাবে আজি এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নুনমাটি অঞ্চল (Crack in Noonmati railway tracks) । নুনমাটি ৰে’ল লাইনৰ লেভেল ক্ৰচিঙত সংঘটিত এই অঘটনটো ৷ যাৰ ফলত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই মূল পথটো বন্ধ কৰি দিয়ে ৷ গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই মূল পথটো বন্ধ কৰি দিয়াৰ ফলতে প্ৰায় এঘন্টা সময় ধৰি স্তব্ধ হৈ পৰে নুনমাটি-নাৰেংগী পথৰ যাতায়াত ব্যৱস্থা ।

প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে দিনৰ ভাগত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা নুনমাটিস্থিত গুৱাহাটী তেল শোধনাগাৰৰ অভিমুখে আহি আছিল এখন তেল পৰিবাহী ৰে’ল । নুনমাটি ৰে’ল লাইনৰ পৰা ফালৰি কাটি গুৱাহাটী শোধনাগাৰলৈ যোৱা পথত প্ৰৱেশ কৰাৰ সময়তে ৰে’ল ট্ৰেকত এটা ডাঙৰ ফাট পৰিলক্ষিত হয় (Crack in Noonmati railway tracks apparently led to derailment) ৷ অৱশ্যে ৰে’লখন লাহে লাহে গতি কৰি আছিল বাবে যথাসময়ত ৰে’ল চালকে অতি কৌশলেৰে ৰে’ল ক্ৰচিঙত ৰখাবলৈ সক্ষম হয় ।

অৱশ্যে পৰৱৰ্তী পৰ্য়ায়ত ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ ৰে’ল ট্ৰেকটো মেৰামতি কৰাৰ পিচত তেল পৰিবাহি ট্ৰেইনখন শোধনাগাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে ৰে’ল কৰ্তৃপক্ষই বন্ধ পথটো মুকলি কৰি দিয়ে ।

লগতে পঢ়ক :Bandana Kalita murder case update : আদালতত দাখিল বন্দনাকাণ্ডৰ প্ৰায় ১৩ শ পৃষ্ঠাৰ অভিযোগনামা

ABOUT THE AUTHOR

...view details