অসম

assam

CPIML Protest at Tingkhang

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:17 PM IST

ETV Bharat / videos

CPIML Protest at Tingkhang : হিমন্ত হটাও, অসম বচাও: চিপিএমৰ প্ৰতিবাদ ধ্বনিত উত্তাল টিংখাঙৰ ৰাজগড়

মৰাণ, ৯ নৱেম্বৰ : 'হিমন্ত হটাও, অসম বচাও' ধ্বনিৰে বৃহস্পতিবাৰে উত্তাল হৈ পৰে টিংখাঙৰ ৰাজগড় ৰাজপথ । উল্লেখ্য যে লুণ্ঠন আৰু সাম্প্রদায়িকবাদৰ বিৰুদ্ধে ইণ্ডিয়া শীর্ষক চিপিআই (এমএল) ৰাজ্যিক সমিতিয়ে ঘোষণা কৰা মাহজোৰা প্ৰচাৰ অভিযানৰ অন্তত চিপিআই (এম এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ৰাজগড়স্থিত যুৰীয়া আই থান প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে এক জনজাগৰণ সভা অনুষ্ঠিত হয় ।

সভাৰ আৰম্ভণিতে ৰাজগড় চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । সমদলকাৰীসকলে 'মোদী হটাও, দেশ বচাও', 'হিমন্ত হটাও, অসম বচাও' ধ্বনিৰে মৰাণ-নাহৰকটীয়া পথ উত্তাল কৰি তোলে । সংগঠনটোৰ অভিযোগ, কেন্দ্র আৰু ৰাজ্যৰ বিজেপিয়ে শাসন চলাইছে যদিও বৰ্তমান দেশৰ তথা অসমৰ ৰাইজৰ কি পৰিৱৰ্তন বা উন্নয়ন হ'ল তাৰ হিচাপ লোৱাৰ এতিয়া সময় আহি পৰিছে ।

বিজেপি দলে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিম বুলি জাপি দিলে আকাংলঙ্ঘী মূল্যবৃদ্ধিৰ বোজা, পৰিৱেশ ৰক্ষা কৰিম বুলি ধ্বংস কৰিছে এফালৰ পৰা পৰিৱেশ । অৰণ্য-নদ-নদী-পাহাৰ ধ্বংস কৰি এতিয়া পথৰ কাষৰ গছো বাদ দিয়া নাই । প্ৰতিবাদী সমদলৰ পিছতে যুৰীয়া আই থান প্ৰেক্ষাগৃহত সূৰুজ গড়াইটৰ সভাপতিত্বত জনজাগৰণ সভা অনুষ্ঠিত হয় ।

ডিব্ৰুগড় জিলাৰ সম্পাদক বিতোপন বকলিয়ালে উদ্দেশ্য বাখ্যা কৰা সভাত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, কেন্দ্রীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়া, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক সভানেত্রী কুন্তী তাঁতী, চিপিআই (এম এল)ৰ ৰাজ্যিক সদস্য ঘনশ্যাম মুণ্ডা, মীৰা তাঁতী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :Lok Sabha Election 2024 : আসন বুজাবুজিক লৈ শনিবাৰে মিত্রদলৰে বৈঠকত মিলিত হ'ব বিগ ব্ৰাডাৰ বিজেপি

ABOUT THE AUTHOR

...view details