CPIM protest in Sodia: শদিয়াত CPIM ৰ বিশাল গণ সমাৱেশ - CPIM criticises BJP
দেওবাৰে তিনিচুকীয়া জিলাৰ শদিয়াত CPIM তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত কৰা হয় এক বিশাল গণ সমাৱেশ । এই গণ সমাৱেশৰ সমান্তৰালভাৱে CPIM য়ে বাহিৰ কৰে এক প্ৰতিবাদী সমদল(CPIM rally and protest in Sodia) ৷ শদিয়াৰ কৃষ্টি সংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰি শদিয়া নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰা প্ৰতিবাদী সমদলত CPIM ৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।
উল্লেখযোগ্য যে, এই প্ৰতিবাদী সমদল আৰু কৃষ্টি সংঘৰ বাকৰিত আয়োজন কৰা এক বিশাল গণ সমাৱেশত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে CPIM ৰ প্ৰতিবাদী নেতাই(CPIM criticises BJP) । CPIM ৰ নেতা সুপ্ৰকাশ তালুকদাৰ নেতৃত্বত বাহিৰ কৰা এই প্ৰতিবাদী সমদল আৰু গণ সমাৱেশৰ জড়িয়তে সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হোৱা বহু কেইটা দাবী ক্ৰমে-মূল্য বৃদ্ধি ৰোধ কৰা, শদিয়াৰ চপাখোৱা পৌৰসভাৰ(Chapakhowa Municipality) পৰিসৰ বৃদ্ধিৰ অধ্যাদেশ বাতিল কৰা, একত্ৰিকৰণৰ নামত শিক্ষানুষ্ঠান বন্ধ কৰা নীতি বাতিল কৰা, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য প্ৰদান কৰা, নিবনুৱা সমস্যা সমাধানৰ উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত আজি শদিয়াত এনেদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে CPIM য়ে ।
ইফালে, অসমৰ মৰাণ, মটক, আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি এতিয়া পৃথক কমতাপুৰ গঠন কৰিবলৈ আগবাঢ়িছে বুলি প্ৰতিবাদকাৰী নেতৃত্ব সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ তেওঁলোকে কয় যে কমতাপুৰৰ গঠন দুৰৰে কথা ছয় জনগোষ্ঠীক জনজাতিকৰণেই আজিলৈকে সম্ভৱ হৈ নুঠিল । প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ ৰাজ্যৰ উন্নয়নৰ তালিকাত কেইবাটাও ভাগত ভাগ কৰা হৈছে ।
সেই ভাগকেইটা হৈছে অতি উন্নয়ন, উন্নত, মজলীয়া, নিম্ন পৰ্যায়ৰ উন্নয়ন, অতি নিম্ন পৰ্যায়ৰ উন্নয়ন । ইয়াৰ ভিতৰত অসম শেষৰ পৰ্যায়ৰ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে । শেষৰ ভাগত থকা ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ ক্ৰমাংক ৩৪ বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী নেতাই । ইফালে এইখন চৰকাৰ বাকী আৰু ফাঁকিত চলিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । এইখন চৰকাৰে কোনো উন্নয়ণ সাধন কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰে ।