অসম

assam

চি পি আই এমৰ বিক্ষোভ

ETV Bharat / videos

CPIM protest in kalgachia :কলগাছিয়াক উপ জিলা ঘোষণাৰ দাবীত চি পি আই এমৰ বিক্ষোভ - উপ জিলা ঘোষণাৰ দাবীত চি পি আই এমৰ বিক্ষোভ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:51 PM IST

জনীয়া, ৩০ আগষ্ট :অসমত সদ্যঘোষিত ৮১ খন উপ-জিলাত কলগাছিয়াৰ নাম নথকাত জাঙুৰ খাই উঠিছে কলগাছিয়াৰ বিভিন্ন দল-সংগঠন । কলগাছিয়াত উপ জিলা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰে কলগাছিয়া চাৰিআলিৰ পৰা চি পি আই এম দলৰ কলগাছিয়া লোকেল কমিটীয়ে পদযাত্ৰা কৰি আহি কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত এক বিক্ষোভ কাৰ্যসূচী পালন কৰে ।  

এই বিক্ষোভ কাৰ্যসূচীৰ পৰা কলগাছিয়াত কলগাছিয়া উপ জিলা ঘোষণাৰ দাবীত কলগাছিয়া ৰাজহ চক্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদকাৰী সকলৰ দাবী মানি নল'লে অহা ৫ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কৰাৰ হুংকাৰ দিয়ে ৷ 

প্ৰতিবাদকাৰীসকলে পূৰ্বৰ জনীয়া বিধানসভা সমষ্টি আৰু কলগাছিয়া মহকুমাৰ আবেগপ্ৰৱণ জনসাধাৰণৰ স্বাৰ্থত এই আবেদন মানৱীয় দৃষ্ঠিভংগীৰে বিবেচনা কৰি কলগাছিয়াক সদৰ হিচাপে লৈ উপ-জিলা ঘোষণা কৰাৰ বাবে অনুৰোধ জনায় । এইক্ষেত্ৰত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ভূমিকাকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:Zubeen Garg controversy : অজাপ বিতৰ্ক; জুবিন গাৰ্গলৈ বিশেষ আহ্বান শংকৰজ্যোতি বৰুৱাৰ

ABOUT THE AUTHOR

...view details