অসম

assam

পেলেষ্টাইন ইজৰাইলৰ যুদ্ধ অন্ত পেলোৱাৰ দাবীত প্ৰতিবাদ

ETV Bharat / videos

Israel Hamas war: পেলেষ্টাইন-ইজৰাইলৰ যুদ্ধ অন্ত পেলোৱাৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 6:08 PM IST

নলবাৰী,১ নৱেম্বৰ:স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰৰ দাবীত আৰু ইজৰাইলৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি চি পি আই (এম) নলবাৰী জিলা কমিটিয়ে ৰূপায়ণ কৰে এক প্ৰতিবাদী সমদল । নিখিল ভাৰত কৃষক সভা, চি আই টি ইউ, যুৱ ছাত্ৰ ফেডাৰেশ্বন, নিখিল ভাৰত গণতান্ত্ৰিক নীতিয়ে নলবাৰী চহৰত উলিয়াই এক সমদল । ১৯৭৬ চনতে ৰাষ্ট্ৰসংঘই স্বাধীন ঘোষণা কৰা পেলেষ্টাইনৰ ওপৰত ইজৰাইলে বৰ্বৰ আক্ৰমণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি বুধবাৰে চিপিআই(এম) এ প্ৰতিবাদী সমদল বাহিৰ কৰা পৰিলক্ষিত হয় ।  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰৰোচনাত ইজৰাইলে হামাচৰ দৰে উগ্ৰপন্থী সংগঠনক ধংস কৰাৰ চলেৰে পেলেষ্টাইনী জনতাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে আজিৰ প্ৰতিবাদকাৰীসকলে । নাটোৰ প্ৰৰোচনাত পেলেষ্টাইনৰ স্কুল, কলেজ, হাস্পতালত ইজৰাইলে বৰ্বৰ আক্ৰমণ চলোৱাৰ অভিযোগেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেনে নীতিৰ সপক্ষে থকা বুলি সদৰী কৰে ।  

অতি সোনকালে পেলেষ্টাইন আৰু ইজৰাইলৰ এই যুদ্ধ বন্ধ কৰাৰ দাবীৰে ৰাষ্ট্ৰসংঘই ইয়াৰ বিৰুদ্ধে এক উচিত পদক্ষেপ লবলৈ আহ্বান জনায় চিপিআই(এম) নলবাৰী জিলা সমিতিয়ে । এই প্ৰতিবাদী সমদলত জিলাখনৰ বহুতো চিপিআই কৰ্মী উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:Mid day meal workers protest: ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া

ABOUT THE AUTHOR

...view details