অসম

assam

By

Published : Dec 28, 2022, 9:55 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / videos

Cows died after being electrocuted: বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যুক সাৱটিলে দুটাকৈ পশুধনে

জোনাইত শোকাৱহ ঘটনা ৷ বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যুক সাৱটিলে দুটাকৈ পশুধনে (Cows died after being electrocuted) ৷ জানিব পৰা মতে জোনাইৰ তাৰি নেপালী গাঁৱত মঙলবাৰে বিয়লি বিদ্যুৎ বিভাগৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে দুজনী গাই গৰুৱে (Cows died in Jonai)। স্থানীয় ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিয়ে অভিযোগ কৰা মতে বছৰ বছৰ ধৰি পৰি থকা বিদ্যুৎ বিভাগৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো এতিয়া মৰণ ফান্দত পৰিণত হোৱাৰ পিছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ । এনেদৰে উন্মুক্তভাবে ট্ৰেন্সফৰ্মাৰত পৰি থকাত স্থানীয় ৰাইজ আৰু সংগঠনে বহুবাৰ বিদ্যুৎ বিভাগক অভিযোগ কৰিছে ৷ কিন্তু বিদ্যুৎ বিভাগে ৰাইজৰ অভিযোগৰ প্ৰতি তিলমানো কেৰেপ নকৰাত এনে ঘটনা সংঘটিত হ’ব পাৰিলে বুলি অভিযোগ দল-সংগঠনৰ ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details