Crime in Dergaon:দেৰগাঁৱৰ দাধৰা ধৰমপুৰত গৰু চোৰে হৰিছে ৰাইজৰ নিদ্ৰা - Terror of cattle thieves
Published : Sep 30, 2023, 3:22 PM IST
যোৰহাট, ৩০ ছেপ্টেম্বৰঃ গৰু চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈছে এখন গাঁৱৰ ৰাইজ । দেৰগাঁৱৰ দাধৰা ধৰমপুৰ গাঁৱত ধাৰাবাহিকভাৱে গৰু চুৰি হৈ আছে । দেৰগাঁৱৰ দাধৰা ধৰমপুৰ গাঁৱত গৃহস্থ ঘোৰ নিদ্ৰাত থকা অৱস্থাত চোৰে গাঁওখনৰ লক্ষীধৰ বৰা,অৰুণ শৰ্মা,পুলিন শৰ্মা আদি কৰি কেইবাঘৰৰ গোহালীত বান্ধি থোৱা অৱস্থাত গৰু চুৰি কৰি নি উদং কৰিছে । পুৱা গৃহস্থই উদং গোহালী প্ৰতক্ষ্য কৰাৰ পাচতহে পোহৰলৈ আহে এই ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা ।
আনহাতে, ঘন বসতিপূৰ্ণ উক্ত অঞ্চলটোত হোৱা গো-ধন চুৰি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধাৰাবাহিকভাৱে উক্ত গাঁওখনত চোৰে গৰু চাফাই অভিযানত লিপ্ত হোৱাত মুৰে কপালত হাত দিবলগীয়া হৈছে গো-পালকসকল । কাৰণ জীৱিকাৰ সম্বল হিচাপে এইসকল লোকে গৰু পুহি আহিছে । আনহাতে, উক্ত গাঁওখনৰ ভুক্তভোগী পৰিয়ালে আৰক্ষীক অৱগত কৰিছে যদিও চোৰৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।