অসম

assam

ETV Bharat / videos

Cow theft racket arrested: ধেমাজিৰ আৰক্ষীৰ জালত গৰু চোৰ - Cow theft racket arrested

🎬 Watch Now: Feature Video

ধেমাজিৰ আৰক্ষীৰ জালত গৰু চুৰি চক্ৰ

By

Published : May 17, 2023, 12:37 AM IST

ধেমাজি,১৬ মে': ধেমাজি সদৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ বিশেষ সূত্ৰৰ পম খেদি সোমবাৰে নিশা ধেমাজি আৰক্ষীয়ে নাকা তালাচীৰ জৰিয়তে অবৈধ গৰু বেচা কিনা কৰা এটা চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত গৰু বেচা কিনা কৰা এটা চক্ৰই বুজন পৰিমাণৰ ধন লৈ এখন বাহনেৰে লখিমপুৰ পৰা ধেমাজি অভিমুখে আহি থকা বুলি আৰক্ষীয়ে এক খবৰ লাভ কৰিছিল (Cow theft racket in Dhemaji police trap) ৷  

লগে লগে আৰক্ষীয়ে নিশা নাকা চেকিং কৰি গাড়ীসহ চক্ৰটো কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Cow theft racket arrested) ৷ আৰক্ষীয়ে জব্দ কৰে AS07U7570 নম্বৰৰ ৱেগনাৰ বাহনখন । লগতে আৰক্ষীয়ে আটক কৰে গাড়ী চুৰি চক্ৰটোত জড়িত চাৰিটা চোৰাং গৰু সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে জহিৰুল আলি, নুৰ হুছেইন, আটিকুল ইছলাম আৰু চফিকুল ইছলাম বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ কৰে নগদ পাঁচ লাখ টকা । 

লগতে পঢ়ক:SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

ABOUT THE AUTHOR

...view details