অসম

assam

লামডিং ৰে’ল ষ্টেচনৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ ন্য়ায়ালয়ৰ

ETV Bharat / videos

Lumding Junction Railway Station: লামডিং ৰে’ল ষ্টেচনৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ ন্য়ায়ালয়ৰ

By

Published : Feb 11, 2023, 7:47 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

লামডিং, 11 ফেব্ৰুৱাৰী: লামডিং ৰে’লৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি (Protest at Lumding junction railway station) ৷ লামডিং ৰে’লৱে ষ্টেচনত থকা প্ৰায় 40 খনৰো অধিক দোকান বন্ধ কৰি দিয়াকলৈ ব্যৱসায়ীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বহু বছৰ ধৰি ৰে’ল ষ্টেচনত আছিল বন্ধ কৰি দিয়া এইসমূহ দোকান-পোহাৰ ৷  

উল্লেখ্য যে, 2005 চনতে ৰে’ল বিভাগৰ সৈতে চুক্তি সম্পন্ন হৈছিল দোকান কেইখনৰ ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰে’ল বিভাগৰ তৰফৰ পৰা লীজৰ বাবদ দোকান কেইখনে দিব লগা ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল ৷ যি বিষয় ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছিল (Vendors closed in Lumding railway satation) ৷  

কিন্তু ৰে’লৱে ষ্টেচনত থকা দোকানসমূহৰ গৰাকীয়ে ন্যায়ালয়ত দাৰস্থ হোৱা গোচৰটোত পৰাজয় হোৱাৰ পাচতে ৰে’ল বিভাগে কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ দোকানকেইখন বন্ধ কৰি দিয়ে ৷ যাৰবাবে এতিয়া ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ইয়াৰ পাছতেই ৰে’ল বিভাগৰ সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে ব্যৱসায়ীসকল (Railway vendors shut at Lumding) ৷  

ৰে’ল বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ব্যৱসায়ীসকলে ষ্টেচনতে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ব্যৱসায়ীৰ প্ৰতিবাদত শুকুৰবাৰে উত্তপ্ত হৈ পৰিল লামডিং ৰে’ল ষ্টেচন ৷ ৰে’ল বিভাগ মুৰ্দাবাদ ধ্বনিৰে হঠাতে পৰিৱেশ উত্তাল কৰি তোলে ব্যৱসায়ীসকলে ৷  

ইফালে, দোকানসমূহ বন্ধি কৰি দিয়া সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে কয় যে, ন্যায়ালয়ৰ জাননী অনুসৰি ৰে’ল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লগতে ৰে’ল বিভাগৰ সৈতে থকা চুক্তিৰ ম্যাদ সমাপ্ত হোৱা বুলিও উল্লেখ কৰিছে ৰে’ল আৰক্ষীয়ে ৷ ৰে’ল বিভাগৰ সৈতে চুক্তি পুনৰ সম্পন্ন হ’লে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ খুলি দিয়াৰ অনুমতি প্ৰদান কৰা হ’ব বুলিও সদৰী কৰিছে ৰে’ল আৰক্ষীয়ে ৷ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাচত সম্প্ৰতি সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল(Lumding railway station) ৷ 

লগতে পঢ়ক:Bhabesh Kalita Slams congress: এইবাৰ ধুবুৰী সহিতে 14 খন আসনেই পাব বিজেপিয়ে; ভৱেশ কলিতা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details