দেৰগাঁৱত ভুৱা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ চলাই আটক স্বামী-স্ত্ৰী
Published : Jan 17, 2024, 10:15 PM IST
গোলাঘাট, 17 জানুৱাৰী: দেৰগাঁৱৰ চুপাৰ মাৰ্কেটস্থিত ‘সংগীতা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ’ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰটো ভুৱা বুলি অভিযোগ উত্থাপন কৰি কেন্দ্ৰটোত প্ৰশিক্ষণৰত ছাত্ৰীসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷
প্ৰশিক্ষণ কেন্দ্ৰটো চলাই থকা অমল বৰা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰাৰ পিচতে কেন্দ্ৰটোত উপস্থিত হয় আৰক্ষী ৷ অভিযুক্ত দম্পত্তীটোক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ৷
ANM প্ৰশিক্ষণ দিয়াৰ নামৰ পেৰামেডিকেলৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ‘সংগীতা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ’ৰ বিৰুদ্ধে । প্ৰশিক্ষণ কেন্দ্ৰটোৰ পঞ্জীয়ন নম্বৰো অবৈধ বুলি অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে গোলাঘাটৰ জিলা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ চৰকাৰী চিকিৎসালয়ত প্ৰশিক্ষণৰ অনুমতি বিচাৰি এগৰাকী ছাত্ৰী যোৱাৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । তাৰ পিচতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আনহাতে প্ৰশিক্ষণৰত যুৱতীৰ শৰীৰ স্পৰ্শ কৰাৰো অভিযোগ উত্থাপিত হৈছে অমল বৰাৰ বিৰুদ্ধে ।
বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত দম্পত্তীটো । সমগ্ৰ অভিযোগৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীসকলে ।
লগতে পঢ়ক:আগে আগে স্নিফাৰ ডগ, পিচে পিচে এজাক জনতা