অসম

assam

DAC poll 2022: লখিমপুৰত আৰম্ভ হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা

By

Published : Nov 10, 2022, 9:46 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

আজি অৰ্থাৎ 10 নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (Counting of votes in DAC poll 2022 started ) । লখিমপুৰতো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰত আৰম্ভ হৈছে জিলাখনত থকা পৰিষদৰ সাতটা সমষ্টিৰ ভোট গণনা (DAC poll 2022) । জিলাখনত থকা পৰিষদৰ ১৫ নং বৰদেউৰী, ১৬ নং বাহগড়া, ১৭ নং কাচিকটা, ১৮ নং পিচলা, ১৯ নং কিনাপথাৰ,, ২০ নং বঙালমৰা আৰু ২১ নং গাভৰু টুনিজান সমষ্টিৰ ভোট গণনা চলিছে (DAC vote counting) । ভোট গণনা আৰম্ভ হোৱাৰ পৰা এঘন্টাৰ ভিতৰত প্ৰথম ৰাউণ্ডৰ ভোট গণনা চলি আছে । উল্লেখ্য যে, এই সাতটা সমষ্টিৰ প্ৰতিদ্বন্দী ২৩ জন প্ৰার্থীৰ ভাগ্য কেনে হ’ব সেয়া দুপৰীয়াৰ ভাগলৈ স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে । সাতটা সমষ্টিৰ ১২ হেজাৰ ৪৫৭ জন ভোটাৰৰ ভিতৰত ৭৭.১৫ শতাংশ ভোটাৰে ভোট দান কৰিছিল (Total voting percentage in DAC election) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details