অসম

assam

নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

ETV Bharat / videos

ছেফ এক্সপ্ৰেছৰ বাহনত জব্দ ১২,৪৫০টা কফ চিৰাপৰ বটল - Anti drugs mission in Assam

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:39 PM IST

বাইহাটা, ২৬ ডিচেম্বৰ : ড্ৰাগছৰ লগতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে । এটাৰ পিচত আনটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ অহাৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ প্ৰচলন ।

কামৰূপ আৰক্ষীয়ে চাংসাৰিত জব্দ কৰিছে বৃহৎ পৰিমানৰ কফ চিৰাপ । ছেফ এক্সপ্ৰেছৰ গাড়ীৰে সৰবৰাহ কৰোতেই আৰক্ষীয়ে জব্দ কৰে কফ চিৰাপখিনি । ছেফ এক্সপ্ৰেছৰ AS 01 NC 0369 নম্বৰৰ কন্টেনাৰ বাহনখনৰ পৰা জব্দ কৰা হৈছে ১১৮ কাৰ্টন কফ চিৰাপ । এই ১১৮টা কাৰ্টনৰ ভিতৰত আছে ১২,৪৫০টা কফ চিৰাপৰ বটল । ইয়াৰ পিচতেই আৰক্ষীয়ে আনিস যাদব আৰু অমল কিশোৰ নামৰ দুজন ছেফ এক্সসপ্ৰেছৰ কৰ্মচাৰীক আটক কৰে ।  

এইক্ষেত্ৰত ছেফ এক্সপ্ৰেছৰ গাড়ীচালক কেইজনে ক্ষোভ উজাৰিছে ছেফ এক্সপ্ৰেছ কোম্পানীৰ ওপৰত । কিয়নো গাড়ীখনত কি সামগ্ৰী কোম্পানীটোৱে পঠিয়াই দিয়ে সেয়া গম নাপায় চালকসকলে । ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এটাৰ পিচত আনটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ অহাৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ প্ৰচলন তথা বেহা ।

ABOUT THE AUTHOR

...view details