অসম

assam

Corruption in the construction work:অনিয়মৰ মাজত নিৰ্মাণ হৈ আছে স্বাস্থ্য বিভাগৰ গৃহ

By

Published : Jul 4, 2023, 6:59 PM IST

স্বাস্থ্য বিভাগৰ গৃহ নিৰ্মাণত অনিয়ম

যোৰহাট, 4 জুলাই : মৰিয়নীত স্বাস্থ্য বিভাগৰ গৃহ নিৰ্মাণৰ নামত চলিছে ব্যাপক লুন্ঠন । বিভাগীয় অভিযন্তা, ঠিকাদাৰ আৰু স্থানীয় পালিনেতাই মিলি লুন্ঠন চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

যোৰহাট জিলাৰ মৰিয়নীৰ সমষ্টিৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত জেঙনি স্বাস্থ্য কেন্দ্ৰৰ সমীপত Emergency Covid Response plan চমুকৈ ECRP -2 আঁ‌চনিৰ ১১ লাখ ৫০ হাজাৰ টকীয়া Sub Centre নিৰ্মাণ কৰাৰ নামত ঠিকাদাৰ জনৈক গগৈ আৰু স্থানীয় পালিনেতা দাসে বিভাগীয় অভিযন্তা ধ্ৰুৱজিৎ ফুকনক মেনেজ কৰি অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰেৰে গৃহ নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

গৃহ নিৰ্মাণৰ দায়িত্বত থকা বৰমূৰীয়াসকলে ইমানেই নিম্নমানৰ কাম কৰিছে যে সাতদিন পূৰ্বে নিৰ্মাণ কৰা পকী বেৰৰ ইটা সহজে খহি পৰা দেখা গৈছে । উক্ত স্থানত থকা বহু বছৰ পুৰণি হাস্পতালখন ভাঙি সেই ইটাৰেই নতুনকৈ নিৰ্মাণ কৰিছে উপ-কেন্দ্ৰ ৷

অনুৰূপ ঘটনা ঘটিছে ৬০ নং মৰিয়নী বাগিচা পঞ্চায়তৰ অন্তৰ্গত জ্ঞানোদয় পুথিভঁৰালত তিনি লাখ টকাৰে নিৰ্মাণ হোৱা শৌচগাৰৰ ক্ষেত্ৰতো ৷ নকছাৰি অঞ্চলৰ ইমতিয়াজ আৰু জাৱেদ নামৰ ঠিকাদাৰে লুণ্ঠন চলোৱা অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈছে ৷ জানিব পৰা মতে উক্ত ঠিকাদাৰ কেইজন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অতিকৈ ঘনিষ্ঠ বুলি একাংশ ৰাইজে মন্তব্য কৰিছে । এইদৰে লুন্ঠন চলোৱা এইসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিবনে উচিত ব্যৱস্থা ?

লগতে পঢ়ক :EM Ajanta neog at Jorhat: নিৰ্মাণ সম্পূৰ্ণ; আগষ্টত মুকলি হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেঁতু

ABOUT THE AUTHOR

...view details