অসম

assam

মেৰাপানীত বগা হাতীত পৰিণত কোটি টকীয়া জল জীৱন আঁচনি

ETV Bharat / videos

Corruption in JJM : মেৰাপানীত বগা হাতীত পৰিণত কোটি টকীয়া জল জীৱন আঁচনি - বিত্তমন্ত্ৰী অজন্তা নেওগ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:29 PM IST

গোলাঘাট, 6 নৱেম্বৰ: প্ৰায় দুমাহৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰা মেৰাপানী পঞ্চৱতী পানী যোগান আঁচনি বিগত পোন্ধৰ দিনে বন্ধ হৈ পৰাত বিপাঙত পৰিছে পঞ্চৱতী গাঁৱৰ ৰাইজ । গাওঁখনৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালে এই পানী যোগান আঁচনিৰ পৰা পানীৰ সুবিধা লাভ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলত বন্ধ হৈ পৰে পানী যোগান আঁচনিখন । 1 কোটি 21 লাখ 49 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আঁচনি মাত্ৰ তিনি মাহতেই বুমেৰাঙত পৰিণত হোৱাত সমস্যাত পৰিছে স্থানীয় ৰাইজ । 

উল্লেখযোগ্য যে মেৰাপানীৰ ভকত গাঁও, পঞ্চৱতী গাঁওৰ লগতে কেইবাটাও জল জীৱন মিছনৰ পানী যোগান আঁচনি বন্ধ হৈ পৰিছে । এইক্ষেত্ৰত স্থানীয় ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই এই পানী যোগান আঁচনিসমূহ কাৰ্যক্ষম কৰি দিবৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক:Loksabha electionm 2024: অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক; ভূপেন কুমাৰ বৰা

ABOUT THE AUTHOR

...view details