অসম

assam

সমবায় এজেন্টে চাউল আত্মসাৎ কৰাৰ অভিযোগ

ETV Bharat / videos

Rice embezzlement in Jonai: সমবায় এজেন্টে চাউল আত্মসাৎ কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:03 PM IST

জোনাই,৭ ছেপ্টেম্বৰ: ধেমাজিৰ চিলাপথাৰত বহুমুখী সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে দুখীয়াৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ প্ৰতিবাদ । চিলাসুতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিতাধিকাৰীসকলে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ চাউল বিগত প্ৰায় ডেৰ বছৰৰ পৰা চিলাঁসূতি বহুমুখী সমবায় সমিতিৰ এজেন্ট ৰঞ্জিতা পেগুয়ে ৰাইজক চাউল যোগান ধৰাৰ পৰিৱৰ্তে চূড়ান্ত অনিয়মেৰে আত্মসাৎ কৰি অভিযোগ উত্থাপন হৈ আহিছে ।  

এজেন্টগৰাকীয়ে ৰেচন কাৰ্ড প্ৰদানৰ নামত ৬/৭ হেজাৰ কৈ ধন সংগ্ৰহো কৰাৰ অভিযোগ তুলিছে এইসকল হিতাধিকাৰীয়ে । প্ৰতিমাহে এজেন্টগৰাকীয়ে ৰাইজৰ পৰা আঙুলিৰ চাপ গ্ৰহণ কৰে যদিও ৰাইজক যোগান নধৰে চাউল । প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ১ কিঃগ্ৰাঃ ৰ পৰা ৪ কিঃগ্ৰাঃ লৈকে চাউল কৰ্তন কৰাৰো অভিযোগ তুলিছে হিতাধিকাৰীসকলে ।  

দৰিদ্ৰ ৰাইজৰ মুখৰ ভাত কাঢ়ি খোৱা এজেন্ট ৰঞ্জিতা পেগুৰ বিৰুদ্ধে বৃহস্পতিবাৰে অৰ্ধ শতাধিক ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । দুখীয়া মুখৰ ভাত কাঢ়ি খোৱা ৰঞ্জিতা পেগু মুৰ্দাবাদ, আমাৰ দাবী মানিব লাগিব, চাউল বিতৰনৰ নামত দুৰ্নীতি নচলিব আদি বিভিন্ন শ্ল'গানেৰে ৰাইজে উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । শীঘ্ৰেই ৰাইজৰ চাউল ৰাইজক ঘূৰাই দিয়াৰ লগতে এজেন্টগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে ।  লগতে এজেন্টগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে ।  

লগতে পঢ়ক:Labour Minister Sanjay Kishan: ধেলাখাট চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details