Gas cylinder seized at Silapathar: চিলাপথাৰত ট্ৰাকসহ চাৰি শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ
জোনাই, ১৫মে': ৰাজ্যত অব্যাহত আছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চোৰাং বেহা (Cooking gas cylinder smuggling)। ইয়াৰ মাজতেই চিলাপথাৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই ট্ৰাকসহ চাৰি শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে (Cooking gas cylinder seized in Dhemaji)। আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে এজন লোকক । শুকুৰবাৰে নিশা চিলাপথাৰ থানাৰ অন্তৰ্গত গেলুৱাত আৰক্ষীয়ে বি কুলি নামৰ লোকজনৰ চৌহদত অভিযান চলাই ৩৭০ টা ভৰ্তি আৰু ৭৫ টা খালী চিলিণ্ডাৰ জব্দ কৰে ।
উত্থাপিত অভিযোগ মতে,অৰুণাচল প্ৰদেশলৈ বুলি ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া AS07/6931 নম্বৰৰ ট্ৰাকখনে নিৰ্দিষ্ট স্থানলৈ নগৈ গেলুৱাৰ লোকজনৰ ঘৰতে ৰন্ধন গেছৰ চিলিণ্ডাৰ সমূহ নমাই গেছ উলিয়াবলৈ প্ৰস্তুতি কৰা সময়তে ট্ৰাকখনৰ লগতে চিলিণ্ডাৰসমূহ উদ্ধাৰ কৰে আৰক্ষীয়ে । ইয়াৰ পিচতেই এই কাণ্ডত জড়িত চালকজনক আৰক্ষীয়ে আটক কৰে ।
অভিযোগ মতে, অঞ্চলটোৰ গেলুৱাত মনোজ নামৰ লোকজনে দীৰ্ঘ দিনৰ পৰাই সঁজুলিৰ সহায়ত চিলিণ্ডাৰৰ পৰা গেছ উলিয়াই গ্ৰাহকক কমকৈ ইন্ধন বিতৰণ কৰি আহিছে । এই ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক:Cultural function in Guwahati: সাংস্কৃতিক মঞ্চ অসমৰ ৰূপালী জয়ন্তীত বৰ্হমথুৰি শিল্পী বঁটা প্ৰদান